ইউপিএছচি ইএছই প্ৰাৰম্ভিক পৰীক্ষাৰ সময়সূচীঃ জানিবলৈ পঢ়ক সবিশেষ…

ইউপিএছচি ইএছই প্ৰাৰম্ভিক পৰীক্ষাৰ সময়সূচীঃ জানিবলৈ পঢ়ক সবিশেষ…

author-image
asomiyapratidin
New Update
ইউপিএছচি ইএছই প্ৰাৰম্ভিক পৰীক্ষাৰ সময়সূচীঃ জানিবলৈ পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ ইউপিএছচিৰ ইএছই প্ৰাৰম্ভিক পৰীক্ষাৰ সময়সূচী জাৰি কৰা হৈছে। ১৮ জুলাই, ২০২১ তাৰিখে ইঞ্জিনিয়াৰিং ছাৰ্ভিছ এগজামিনেশ্যন প্ৰিলিমনৰী আয়োজন কৰা হ'ব। যি সকলে এই সময়সূচী লাভ কৰিব বিচাৰে তেওঁলোকে upsc.gov.in. ৱেবছাইটত লাভ কৰিব। এই পৰীক্ষা দুটা পৰ্যায়ত আয়োজন কৰা হ'ব।

Advertisment

প্ৰথমে পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈকে আৰু তাৰপাছত ২ বজাৰ পৰা বিয়লি ৫ বজালৈকে আয়োজন হ'ব এই পৰীক্ষা। প্ৰথম ছিফ্টত জেনেৰেল ষ্টাডিছ এণ্ড ইঞ্জিনিয়াৰিং এপ্টিটিউড প্ৰশ্ন আৰু দ্বিতীয় ছিফ্টত ছিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ আৰু টেলিক'ম ইঞ্জিনিয়াৰিং বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব।

ইয়াত ক্লিক কৰিলে পাব সময়সূচী

উল্লেখ্য যে, প্রথম ছিফ্টত দুঘন্টা পৰীক্ষা আয়োজন হ'ব আৰু মুঠ নম্বৰ থাকিব ২০০। ইফালে, দ্বিতীয় ছিফ্টত তিনি ঘন্টাৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৩০০ নম্বৰৰ।ইএছই প্ৰিলিমছ পৰীক্ষা পাছ কৰে পৰীক্ষাৰ্থীসকলে ইন্টাৰভিউৰ পাছত মুখ্য পৰীক্ষাত বহিবলৈ সক্ষম হ'ব।