/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/upsc_1524852327.jpg)
ডিজিটেল ডেস্কঃ ইউপিএছচি অসামৰিক সেৱা, ২০১৯ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব জুলাইৰ দ্বিতীয় সপ্তাহত। উল্লেখযোগ্য যে, ২০১৮ বৰ্ষৰ ফলাফল ১৫ জুলাইত ঘোষণা কৰা হৈছিল। ইউপিএছচিৰ এক সূত্ৰই এই কথা সদৰি কৰিছে।
২ জুনত ইউপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছিল। প্ৰায় ১০ লক্ষাধিক পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই পৰীক্ষাৰ ফলাফল upsc.gov.in ত প্ৰকাশ কৰা হ'ব। প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে ইউপিএছচিৰ মূল পৰীক্ষাত অৱতীৰ্ণ হ'ব।
মূল পৰীক্ষাত মুঠ ১৭৫০ নম্বৰ থাকে। মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক মৌখিক সাক্ষাৎকাৰৰ বাবে মতা হয়। মৌখিক সাক্ষাৎকাৰত মুঠ ২৭৫ নম্বৰৰ হয়। এই পৰীক্ষাৰ দ্বাৰাই আইএছ, আইপিএছ আৰু আইএফএছৰ লগতে অন্যান্য সৰ্বভাৰতীয় পৰ্যায়ৰ পদবীৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হয়।