/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/eff9983a-7854-4ffc-85dc-8c9679db56c0/btr.jpg)
UPPL
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰৰ চন্দ্ৰপাৰা খেলপথাৰত অহা ১১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বি টি আৰৰ শাসকীয় দল ইউ পি পি এলৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ৷
সেয়ে শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী চন্দ্ৰপাৰাৰ খেলপথাৰত অধিবেশনৰ লাইখুটাঁ স্থাপন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷ ইউ পি পি এল জয় ধ্বনিৰে লাইখুটা স্থাপন কৰা সময়ত বিধায়কজনক সংগ দিয়ে দলটোৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ ছেত্ৰী, দলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, কাৰ্যবাহী সদস্য দাওবৈচা বড়ো ,উইলচন হাছদা ,পাৰিষদ মন্টু বড়ো ,পবিত্ৰ বড়ো, সঞ্জয় স্বৰ্গীয়াৰী, ইউপিপিএলৰ মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম সহ দলৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্বই ৷
উল্লেখ্য যে , ইউ পি পি এল দলৰ আগন্তুক অধিবেশনখনত বি টি আৰৰ অধীনস্থ দহখন জিলা সমিতিৰ পৰা প্ৰায় ৬ হেজাৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে উক্ত অধিবেশনতে দলৰ কেন্দ্ৰীয় নতুন সমিতি নতুনকৈ গঠন কৰা হ'ব বুলি জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/09823618-08d1-4579-aeaa-5db0433f356f/btr1.jpg)
অন্যহাতে অধিবেশনৰ মুকলি সভাত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা ,ৰাজ্যিক সভাপতি ,ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা , আঞ্চলিক দল অসম গণ পৰিষদৰ সভাপতি সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হ'ব বুলি আয়োজক সমিতিয়ে উল্লেখ কৰে।
তদুপৰি বিধায়ক লৰেন্স ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, সভাত ৫০ ৰ পৰা ৭০ হেজাৰ ৰাইজ উপস্থিত থাকিব ৷ প্ৰণিধানযোগ্য যে লাইখুটাঁ স্থাপনৰ পূৰ্বে বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই অধিবেশন অনুষ্ঠিত হ'বলগা চন্দ্ৰপাৰা খেলপথাৰ পৰিদৰ্শন কৰিছিল।