UPPLৰ হিতাধিকাৰী সজাগতা সভাঃ প্ৰমোদ বড়োৱে ক’লে ডু অৰ ডাই প্ৰক্ৰিয়াৰে নিৰ্বাচনত নলয় অংশ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থি‌য় দিছে প্ৰতিটো ৰাজনৈতিক দলে। নিজ কায়দাৰে কুচ-কাৱাজ অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দল আৰু দলৰ নেতৃত্বই। 

author-image
Asomiya Pratidin
New Update
promod boro 10

ডিজিটেল সংবাদ বাক্সাঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থি‌য় দিছে প্ৰতিটো ৰাজনৈতিক দলে। নিজ কায়দাৰে কুচ-কাৱাজ অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দল আৰু দলৰ নেতৃত্বই। 

Advertisment

আজি বাক্সা জিলাৰ বৰিমাখাত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক লৈ ইউ পি পি এল দলে অনুষ্ঠিত কৰে সজাগতা সভা। এই সভাত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। 

তেওঁ কয় যে বিটিআৰৰ কল্যাণকামী আঁচনি সন্দৰ্ভত আজি আমি মুছলপুৰ পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলৰ সৈতে সজাগতা অনাৰ চেষ্টা কৰিছো। তেওঁ কয় যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএলে নিৰ্বাচন খেলিব কিন্তু ‘ডু অৰ ডাই’ বুলি নিৰ্বাচন নেখেলে। আমিও জীয়াই থাকিব লাগিব বাকীসকলো জীয়াই থাকক। 

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আমাক ভিক্টৰী শিকাই যোৱা নাই বুলিও কয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ উন্নয়নৰ কথা নোকোৱা বুলি ওলোৱা চৰ্চা সম্পৰ্কত তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ কথা নকয়। আমি বড়োলেণ্ডৰ ৩৫ লক্ষ জনগণৰ কথা কম। 

৪০ বছৰজোৰা অনিশ্চয়তাৰ পিছত এতিয়া বিটিআৰত নিশ্চয়তা আহিছে। প্ৰায় ১৫-২০ বছৰৰ ভেদা-ভেদৰ পাছত বিটিআৰলৈ শান্তি আহিছে। এতিয়া সাংবাদিকেও মুক্তমনে প্ৰশ্ন কৰিব পাৰে, আগতে তেনে পৰিৱেশ নাছিল। 

ইফালে এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তি আৰু বিটিআৰ চুক্তি সন্দৰ্ভত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ সন্দৰ্ভতো মন্তব্য কৰে প্ৰমোদ বড়োৱে। প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱাও দেখা গ'ল বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক। 

উল্লেখ্য যে আজিৰ হিতাধিকাৰী সজাগতা সভাত বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য তথা মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত তিনি সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থাকে।

বি টি আৰ প্ৰমোদ বড়ো