কোকৰাঝাৰত ইউ পি পি এলৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি...

অধিবেশনৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ইউ পি পি এলৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি...

কোকৰাঝাৰত ইউ পি পি এলৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত অহা ১১ নবেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ইউ পি পি এল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখনক লৈ ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ এই উপলক্ষে চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায় ১ হাজাৰ বিঘা বিশাল ভূমিত কৰ্মীসকলে আটকধুনীয়াকৈ ৰভা, তোৰণ,দলীয় প্ৰতীকি নিৰ্মাণ কৰিছে।

Advertisment

অধিবেশনৰ উদ্যোগক্তাই জানিবলৈ দিয়া মতে, উক্ত অধিবেশনত ইউ পি পি এলৰ দলৰ ১০ খন জিলা সমিতিৰ ৬ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় লক্ষাধিক লোকৰ সমাৱেশ ঘটিব বুলি আশা কৰিছে। অধিবেশনথলীৰ আশে পাশে থুলুৱা প্ৰদৰ্শণী বিপনী , বিশাল ভোজনালয় কক্ষ,অভ্যৰ্থনা সমিতিৰ কক্ষ, কেন্দ্ৰীয় আৰু জিলা সমিতিৰ পতাকা উত্তোলণথলী, ছহীদ বেদী নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে ।

আনহাতে বুধবাৰে এক সংবাদমেলত অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰেঞ্চ ইছলাৰীৱে অধিবেশনখনৰ প্ৰস্তুতিক লৈ এক সংবাদমেলৰ আয়োজন কৰে । অধিবেশনৰ অন্তিম দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আৰু মিত্ৰজোঁটৰ জি এচ পিৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি সদৰি কৰে ৷

উল্লেখ্য যে , ইউ পি পি এল দলৰ তিনিদিনীয়া বাৰ্ষিক অধিবেশনতে দলৰ কেন্দ্ৰীয় মূল সমিতিখন নতুনকৈ গঠনৰে কিছু সালসলনি হ'ব । মূলতঃ ইউ পি পি এল দলৰ তিনিদিনীয়া কেন্দ্ৰীয় ৰাজনৈতিক অধিবেশনতে বি টি আৰত থকা বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সৰ্বাঙ্গীন উন্নয়নৰ হকে বিশেষ গুৰুত্বৰোপৰে শান্তি আৰু প্ৰগতিৰ বাৰ্তা দিয়া হ'ব বুলি আজি সদৰি কৰে অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

assam kokrajhar btr uppl