/asomiyapratidin/media/media_files/2024/11/18/24qyseZr6Va2YJCmhwZj.jpg)
ডিজিটেল সংবাদ, ওৰাং : ওৰাঙত এইবাৰ সাংবাদিকৰ ওপৰত ইউ পি পি এল নেতাৰ গুণাগীৰিৰ অভিযোগ উত্থাপিত হৈছে । দুৰ্নীতিৰ অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত সাংবাদিক আক্ৰমণ আৰু হত্যাৰ ভাবুকি দিয়ে বুলি জানিব পৰা গৈছে ।
অভিযোগ অনুসৰি ওৰাঙত বাট আগচি ধৰি সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে দলটোৰ নেতা আৰু পালিনেতাই ।ওৰাং, ৰৌতাৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰে দহজনীয়া নেতা আৰু পালিনেতাই।
মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ২ নং শইকীয়া চুবুৰীৰ ভি চি ডি টিৰ ভোগদল গাৱঁত এম জি এনৰেগা আঁচনিৰ অধীনত ২০২৩-২৪ বৰ্ষৰ এই আচঁনিৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। এই আঁচনি অনুসৰি সুৰেন দৈমাৰীৰ ঘৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথৰ নিৰ্মাণৰ বাবে ১৭৫৪১৬৪,৭৫ টকাৰ আবন্টন হৈছিল পথ নিৰ্মাণৰ বাবে।
এশ মিটাৰ পথৰ বাবে ১৭৫৪১৬৪,৭৫ টকা আবণ্টন হৈছিল মাজবাট উন্নয়ন খণ্ডৰ পৰা। মাজবাট উন্নয়ন খণ্ডৰ অভিযন্তাই কি কাৰণত ইমান টকাৰ আবন্টন দিছিল এই আচঁনিৰ বাবে সেয়া ৰহস্যজনক।
উক্ত আঁচনিৰ ব্যাপক দুৰ্নীতি হোৱাৰ তথ্য প্রদান কৰি এজন লোকে সাংবাদিকসকলক বাতৰি সংগ্ৰহ কৰাৰ বাবে আমন্ত্ৰণ জনাইছিল। উক্ত স্থানত চাৰিজনীয়া সাংবাদিক দলটো উপস্থিত হোৱাত ইউ পি পি এলৰ নেতা আৰু পালিনেতাৰ দহজনীয়া এটা দলে বাতৰি পৰিবেশন বাধা প্ৰদান কৰি অতৰ্কিতে আক্ৰমণ কৰে সাংবাদিক দলটোক।
ওৰাঙৰ ছপা মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক নৱ ডেকাক বাতৰি পৰিবেশন কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে নেতা সুৰেন দৈমাৰী আৰু অনিল মুছাহাৰীৰ নেতৃত্বত অহা গুণ্ডাবাণীৰ দলটোৱে। উল্লেখযোগ্য যে নেতাসকলে দীৰ্ঘদিনৰ পৰা উক্ত আঁচনিৰ অধীনৰ উন্নয়নমূলক কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল একাংশ ৰাইজে।
অভিযোগ অনুসৰি বি টি চি পৰিষদৰ ৪০ নং ৰৌতা সমষ্টিৰ নেতা অনিল মুছাহাৰীৰ নেতৃত্বত সংঘটিত হৈছে এই ঘটনা। মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ২ নং শইকীয়া চুবুৰী ভিচিডিচিত সংঘটিত হৈছে নেতাগৰাকীৰ এই দুৰ্নীতিৰ ঘটনা।
দুৰ্নীতিৰ অভিযোগৰ বাতৰি সংগ্ৰহ কৰিব গলেই সাংবাদিকক ওপৰত আক্ৰমণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছে ইউ পি পি এলৰ দুৰ্নীতিত নিমজ্জিত একাংশ নেতাই। এইবোৰ দেখা শুনাৰ পিছত কি ক'ব বি টি চি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বুলি প্ৰশ্ন উত্থাপন হৈছে।
এই সমূহ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু দলীয় কৰ্মীৰ গুণ্ডাগীৰিৰ নাকি লগাব পাৰিব নে প্ৰমোদ বড়োৱে ? ইতিমধ্যেই সাংবাদিকক আক্ৰমণ আৰু হত্যাৰ ভাবুকিৰ ঘটনাৰ সম্পৰ্কত ওৰাং আৰক্ষী থানাত জাননী প্ৰদান কৰিছে সাংবাদিকৰ দলটোৱে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us