বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গৰুভাষাত ইউ পি পি এল দলৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সোমবাৰে নিশা চিৰাং জিলাৰ গৰুভাষাৰ ইউ পি পি এল দলৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত এজন গুৰুতৰভাবে আহত।

author-image
Asomiya Pratidin
New Update
বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গৰুভাষাত ইউ পি পি এল দলৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট 

ডিজিটেল সংবাদ, চিৰাং: বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সোমবাৰে নিশা চিৰাং জিলাৰ গৰুভাষাৰ ইউ পি পি এল দলৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ইউ পি পি এলৰ দলীয় কৰ্মীৰ দলবদ্ধ আক্ৰমনত গুৰুতৰভাবে আহত হয় গৰুভাষা ভি চি ডি চিৰ সভাপতি তথা ইউ পি পি এল দলৰ নেতা বিপুল মুছাহাৰী। 

Advertisment

দলবদ্ধ আক্ৰমণত মূৰ আৰু শৰীৰৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত হৈ বিপুল মুছাহাৰী সম্প্ৰতি বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত ভি চি ডি চি সভাপতি বিপুল মুছাহাৰীৰ পত্নী ছানচুমৈ মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে সোমবাৰে নিশা মোৰ ঘৰলৈ আহি গৰুভাষাৰ প্ৰাইমাৰী ইউ পি পি এলৰ দলীয় কৰ্মী কেইজনে তৰ্কাতৰ্কিত লিপ্ত হয়। তাৰপিছত অতৰ্কিতে শাৰীৰিক আক্ৰমণ কৰে। 

লক্ষ্যনীয় বিষয় যে আক্ৰমণকাৰী দলটোৱে মাৰপিটতে ক্ষান্ত নাথাকি পিষ্টল উলিয়াই মৃত্যুৰ ভাবুকি প্ৰদান কৰি তাৰ পৰা আঁতৰি যায় বুলিও অভিযোগ কৰিছে। তেওঁ কয়, এই ঘটনাৰ পিছতে দলীয় নেতাসকলক অৱগত কৰিবলৈ বিপুল মুছাহাৰীয়ে গৰুভাষাৰ ইউ পি পি এল দলৰ প্ৰাইমাৰী কাৰ্য্যালয়ত আহি উপস্থিত হয়। উক্ত কাৰ্য্যালয়ত উপস্থিত হোৱাৰ পিছত পুনৰ বিপুল মুছাহাৰীক আক্ৰমণ কৰে দলীয় কৰ্মীসকলে। 

কিন্তু দুৰ্ভাগ্যজনক কথা যে কাৰ্য্যালয়ৰ ভিতৰত বিপুল মুছাহাৰীক আক্ৰমণ কৰাৰ সময়ত কোনো এজন দলীয় নেতা বা কৰ্মীয়ে বাধা প্ৰদান কৰা নাছিল বুলি অভিযোগ কৰে। দ্বিতীয় বাৰ আক্ৰমণ কৰাৰ পিছত গুৰুতৰভাবে আহত বিপুল মুছাহাৰীক পৰিয়ালৰ লোকে বঙাইগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে। 

আনপিনে বিপুল মুছাহাৰীৰ বিৰুদ্ধেও কাৰ্য্যালয়ত দা লৈ ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যেই ঘটনা সংক্ৰান্তত বিপুল মুছাহাৰীৰ পত্নীয়ে তেখেতৰ স্বামীক হত্যা কৰাৰ চেষ্টা কৰা শুভৰাজ বসুমতাৰী, কাবুল বসুমতাৰী, ব্ৰহ্মজিৎ বসুমতাৰী, বীৰবল বসুমতাৰী, দৈদৈইন বসুমতাৰী,  জয়ন্ত বসুমতাৰী আৰু ফাকন নাৰ্জাৰীৰ বিৰুদ্ধে গৰুভাষা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু এজাহাৰ লিখাৰ সময়ত কিছু ভুল হোৱাৰ বাবেই আজি গোচৰ পঞ্জীয়ন নহ’ল। কিন্তু কাইলৈ এজাহাৰখন শুধৰণি কৰি পঞ্জীয়ন কৰা হ’ব বুলি আৰক্ষীৰ ফালৰ পৰা সদৰি কৰা হৈছে।

ইপিনে সোমবাৰৰ নিশাৰ এই মাৰপিটৰ ঘটনাৰ আৰঁৰ কাৰণ হিচাপে কেইদিনমানৰ পূৰ্বে শুভৰাজ বসুমতাৰী আৰু বিপুল মুছাহাৰীৰ সৈতে ৰাজহুৱা স্থানত হোৱা কাজিয়া আৰু বিপুল মুছাহাৰীয়ে শুভৰাজ বসুমতাৰীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰা বুলি জানিব পৰা গৈছে। 

ইউ পি পি এল চিৰাং