বিএলটিৰ প্ৰতিষ্ঠাপক সভাপতি বীৰ ছিলাগাং বসুমতাৰীৰ মৃত্যু দিৱসত বড়ো জনগোষ্ঠীৰ একতাৰ বাৰ্তা

বড়ো লিবাৰেচন টাইগাৰ চমুকৈ বিএলটিৰ প্ৰতিষ্ঠাপক সভাপতি বীৰ ছিলাগাং বসুমতাৰীৰ ২৮ সংখ্যক মৃত্যু দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰৰ বংশীগাঁৱত উদযাপন কৰা হয়৷

author-image
Asomiya Pratidin
New Update
বিএলটিৰ প্ৰতিষ্ঠাপক সভাপতি বীৰ ছিলাগাং বসুমতাৰীৰ মৃত্যু দিৱসত বড়ো জনগোষ্ঠীৰ একতাৰ বাৰ্তা

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়ো লিবাৰেচন টাইগাৰ চমুকৈ বিএলটিৰ প্ৰতিষ্ঠাপক সভাপতি বীৰ ছিলাগাং বসুমতাৰীৰ ২৮ সংখ্যক মৃত্যু দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰৰ বংশীগাঁৱত উদযাপন কৰা হয়৷ বংশীগাঁৱৰ বীৰ ছিলাগাং বসুমতাৰৰীৰ সমাধিস্থলীত উদযাপিত প্ৰাক্তন বিএলটিৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ মৃত্যু দিৱসত বিটিচিৰ দুই শক্তিশালী ৰাজনীতি দল ইপিপিএল-বিপিএফ দল একেলগে একেখন মঞ্চত উপস্থিত হোৱা বিষয়টোৱে আজিৰ দিনটোক উল্লেখনীয় কৰি তুলিলে।

Advertisment

বিশেষকৈ একেখন মঞ্চতে ইউ পি পি এল দলৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী আৰু বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী একেলগে হাঁহি-আনন্দেৰে কথোপকথনৰ দৃশ্যই জাতিৰ স্বাৰ্থত যে মতানৈক্য নাথাকে আজি তাকেই প্ৰমাণ কৰিলে৷ ইপিনে বংশীগাঁৱত বীৰ ছিলাগাং বসুমতাৰীৰ ২৮ সংখ্যক মৃত্যু দিৱসত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে বীৰ ছিলাগাঙ বসুমতাৰীয়ে যি সাহস, দূৰদৰ্শিতা, দায়বদ্ধতাৰে জাতিটোক আগুৱাই লৈ যোৱাত আপোচবিহীন সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ বাবেই আজি বড়োসকলে নিজৰ ভৱিষ্যতৰ চিন্তা কৰিব পৰা হৈছে৷

নৱপ্ৰজন্মক বীৰ ছিলাগাঙৰ আদৰ্শক অনুকৰণ কৰি আগুৱাই যাবলৈ আহ্বান জনাই বীৰ যোদ্ধা গৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ তেওঁৰ নামত বিটিচিৰ ৪০ টা সমষ্টিতে পাঁচ কোটিকৈ টকা ব্যয়ৰে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কাম হাতত লোৱা বুলি জনায়। ইয়াৰোপৰি তেখেতৰ সমাধিস্থলীত  প্ৰতিষ্ঠা কৰা বীৰ যোদ্ধাগৰাকীৰ প্ৰতিমূৰ্তি চাফচিকুণকৈ ৰখাৰ বাবে বিটিচি পৰিষদৰ পৰা মাহে ২০ হেজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰি তেখেতৰ জীৱনী এখনো প্ৰকাশ কৰাৰ সম্পূৰ্ণ ব্যয় বহন কৰিব বুলি জানিবলৈ দিয়ে৷ 

ইয়াৰোপৰি সমাধিস্থলীৰ চৌদিশে নতুনকৈ নিৰ্মাণ কৰিবলগা দেৱালখনত বীৰগৰাকীৰ চমু জীৱনী খোদিত কৰা হ’ব বুলি জনায়৷ আনহাতে বিপিএফ আৰু ইউপিপিএলৰ একত্ৰিতকৰণৰ ক্ষেত্ৰত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত বড়োৱে কয় যে বড়ো জনগোষ্ঠী সদায় ঐক্যবদ্ধ হৈ আছে৷ ৰাজনৈতিকভাৱে মতান্তৰ থাকিব পাৰে, নীতি, আদৰ্শ পৃথক হ’ব পাৰে কিন্তু সমাজিক ভাৱে আৰু জাতিগতভাৱে বড়ো জনগোষ্ঠী সদায় একত্ৰিত হৈ আছে।

তেওঁ কয়, ইয়াত কোনো বিভাজন নাই।ৰাজনীতিৰ কথা সুকীয়া কিয়োনো গণতন্ত্ৰ দেশত সকলোৰে ৰাজনীতি কৰাৰ অধিকাৰ আছে এইক্ষেত্ৰত ক’বলগীয়া নাই৷ আজি বীৰ ছিলাগাঙৰ সমাধিস্থলীত সকলোৱে আহি যোদ্ধাগৰাকীক স্মৰণ কৰি শ্ৰদ্ধা জনাইছে৷ তেনেকৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলীত, বড়ো আন্দোলনৰ প্ৰথম ছহিদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলীত সকলোকে আহিবলৈ আহ্বান জনায়। যিসকলে বড়ো জাতিৰ কাৰণে সকলো ত্যাগ কৰি গ’ল সেই প্ৰতিগৰাকী বীৰ পুৰুষৰ জন্ম, মৃত্যু দিৱসত সমাধিত উপস্থিত হৈ তেওঁলোকক শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনায়৷ 

আনপিনে  বীৰ ছিলাগাং বসুমতাৰীৰ মৃত্যু দিৱসত কাৰ্যসূচীত অংশ লোৱা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজিৰ অনুষ্ঠানত এবছুৰ শীৰ্ষ নেতৃত্ব, ইউপিপিএল দলৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিধায়কদ্বয় ক্ৰমে লৰেন্স ইছলাৰী,জিৰণ বসুমতাৰীকে ধৰি অন্যান্য নেতাসকলো উপস্থিত হৈ বীৰ গৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ বাবে অতি আনন্দিত হোৱাৰ লগতে সকলোকে আন্তৰিক ধন্যবাদ জনায় ৷

মহিলাৰীয়ে  কয় যে, আজি ৰাজনীতিৰ কথা কোৱা দিন নহয় যদিও ক’ব লগা বহুত আছিল। বীৰ ছিলাগাঙ বসুমতাৰীক সন্মান জনাই শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে শাসক- বিৰোধী একগোট হৈ আজি একেখন মঞ্চত একগোট হোৱাটো আনন্দৰ কথা আৰু সমাধিস্থলীত সকলোৱে উপস্থিত হোৱাৰ বাবে  খুবেই আনন্দ অনুভৱ কৰা বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে  বীৰ ছিলাগাং বসুমতাৰী ন্যাস সমিতিয়ে আজি তেখেতৰ জন্মস্থান বংশীগাঁৱৰ সমাধিস্থলীত উদযাপন কৰা ২৮ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় ৷ ন্যাসৰ সভাপতি মণিৰাম বসুমতাৰীয়ে সভাপতিত্ব কৰা সভাখনত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীয়েও অংশগ্ৰহণ কৰি তেওঁৰ ভাষণত বীৰ ছিলাগাং বসুমতাৰীক শ্ৰদ্ধাৰে স্মৰণ কৰি বড়ো সমাজত বীৰ গৰাকীৰ নীতি আৰু আদৰ্শ সদায় স্মৰণীয় হৈ থাকিব বুলি কয় ৷

সভাখনত প্ৰয়াত বীৰ গৰাকীৰ সহধৰ্মিনী ৰমণী বসুমতাৰীয়ে স্বামী বীৰ ছিলাগাং বসুমতাৰীৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰি আবেগিক হৈ পৰে ৷ আজিৰ অনুষ্ঠানত প্ৰাক্তন বিএলটিৰ জ্যেষ্ঠ নেতা মনো কুমাৰ ব্ৰহ্ম, প্ৰাক্তন উপ কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰে ৷

বি পি এফ ইউ পি পি এল