Advertisment

দেশৰ ডিজিটেল লেনদেনত ইউ পি আইৰ আধিপত্য...

ভাৰতত বৃদ্ধি পাইছে ডিজিটেল লেনদেন। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰ বি আই) পেমেণ্ট ব্যৱস্থাৰ তথ্য অনুসৰি ২০১৯ চনত ৩৪ শতাংশৰ পৰা ২০২৪ চনত ৮৩ শতাংশলৈ বৃদ্ধি পাইছে  ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছৰ (ইউ পি আই) পৰিমাণ।

author-image
Asomiya Pratidin
New Update
upi

upi Photograph: (upi)

ডিজিটেল ডেস্কঃ ভাৰতত বৃদ্ধি পাইছে ডিজিটেল লেনদেন। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰ বি আই) পেমেণ্ট ব্যৱস্থাৰ তথ্য অনুসৰি ২০১৯ চনত ৩৪ শতাংশৰ পৰা ২০২৪ চনত ৮৩ শতাংশলৈ বৃদ্ধি পাইছে  ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছৰ (ইউ পি আই) পৰিমাণ।

Advertisment
অন্যান্য ডিজিটেল পেমেণ্ট পদ্ধতি যেনে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰেন্সফাৰ (এন ই এফ টি), ৰিয়েল টাইম গ্ৰছ চেটলমেণ্ট (আৰ টি জি এছ), ইমিমিডিয়েট পেমেণ্ট চাৰ্ভিচ (আই এম পি এছ), আৰু ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ অংশ ২০১৯ চনত ৬৬ শতাংশৰ পৰা ১৭ শতাংশলৈ হ্ৰাস পাইছে ২০২৪ চনৰ শেষৰ ফালে।

উল্লেখ্য যে,  কেৱল ২০২৪ চনত ভাৰতত ২০৮.৫ বিলিয়ন ডিজিটেল পেমেণ্ট লেনদেন ৰেকৰ্ড কৰা হৈছে। যোৱা  পাঁচ বছৰৰ ভিতৰত ৫০০ টকাৰ তলৰ লেনদেনৰ মূল্যৰ বাবে ইউপিআই  চক্রবৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰত (চিএজিআৰ) বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে একে সময়ছোৱাতে ৫৬ শতাংশ CAGR ৰে বৃদ্ধি পাইছে UPI ৰ P2P পেমেন্ট।

ভাৰত