ডিজিটেল ডেস্কঃ ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ চনৰ ডিচেম্বৰ মাহত ইউপিআইৰ লেনদেনে সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে ।
২০২৪ চনৰ সমগ্ৰ বছৰটোৰ বাবে ইউপিআইৰ মাধ্যমেৰে প্ৰায় ১৭২ বিলিয়ন লেনদেন সম্পন্ন কৰা হৈছ্ল । ২০২৩ বৰ্ষত ইউপিআইৰ লেনদেনৰ সংখ্যা আছ্লি ১১৮ বিলিয়ন । উল্লেখযোগ্য ২০২৩ ৰ পৰা ২০২৪ বৰ্ষলৈ ৪৬ শতাংশ বৃদ্ধি পাইছে ইউপিআইৰ লেনদেন ।
সমান্তৰালভাৱে বৃদ্ধি পাইছে লেনদেন কৰা ধনৰ পৰিমাণো । ২০২৩ বৰ্ষত ১৮৩ ত্ৰিলিয়ন ধনৰ লেনদেন সম্পূৰ্ণ হোৱাৰ বিপৰীতে ২৪৭ ত্ৰিলিয়ন ধনৰ লেনদেন সম্পন্ন হৈছে ২০২৪ বৰ্ষত । ধনৰ লেনদেনৰ এই পৰিৱৰ্তনে ৩৫ শতাংশ উত্থান ঘটাইছে ইউপিআইৰ লেনদেনত ।