Advertisment

২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৭ মাহত দুগুণ বৃদ্ধি ‘ৰুপে ক্ৰেডিট কাৰ্ড’ৰ ইউ পি আই লেনদেন

দেশৰ নিজা পেমেণ্ট নেটৱৰ্ক ব্যৱস্থা ‘ৰুপে’ গ্ৰাহকৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৭টা মাহত এই পেমেণ্ট ব্যৱস্থাটোৰ দ্বাৰা পৰিচালিত ইউ পি আই লেনদেন ২ গুণ হাৰত বৃদ্ধি

author-image
Asomiya Pratidin
New Update
rupay

ডিজিটেল ডেস্ক : দেশৰ নিজা পেমেণ্ট নেটৱৰ্ক ব্যৱস্থা ‘ৰুপে’ গ্ৰাহকৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৭টা মাহত এই পেমেণ্ট ব্যৱস্থাটোৰ দ্বাৰা পৰিচালিত ইউ পি আই লেনদেন ২ গুণ হাৰত বৃদ্ধি পাইছে। এক বিবৃতিযোগে বিত্ত মন্ত্ৰালয়ে এই কথা সদৰী কৰে।
 

Advertisment

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ‘ৰুপে’ পেমেণ্ট নেটৱৰ্ক ব্যৱস্থা ২o১২ চনত নেশ্যনেল পেমেণ্টছ কৰ্প অৱ ইণ্ডিয়া চমুকৈ (এন পি চি আই)য়ে আৰম্ভ কৰিছিল। আনহাতে ২০১৭ চনৰ জুন মাহত ৰুপে ক্ৰেডিট কাৰ্ড ব্যৱস্থা আৰম্ভ কৰা হৈছিল।
 

বিত্ত মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি ৰুপে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে চলিত বৰ্ষৰ অক্টোবৰলৈকে ৭৫ কোটিৰো অধিক টকা লেনদেন কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত ইউ পি আই ৰুপে ক্ৰেডিট কাৰ্ডৰ লেনদেন ৩৬২.৮ মিলিয়ন ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ সঞ্চিত মূল্য আছিল ৩৩,৪৩৯.২৪ কোটি টকা। গতিকে, এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায়- ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত ইয়াৰ ক্ৰমবৰ্ধমান মূল্য প্ৰায় দুগুণ হৈছে।

বিত্তমন্ত্ৰণালয়