সৰ্বকালৰ অভিলেখ ভংগ কৰিলে ডিজিটেল লেনদেনে...

মে মাহত দেশত ডিজিটেল লেনদেন ভংগ কৰিলে সৰ্বকালৰ অভিলেখ।  ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (এনপিচিআই)ৰ তথ্য অনুসৰি ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছ (ইউপিআই)ৰ

author-image
Asomiya Pratidin
New Update
may ss

ডিজিটেল ডেস্কঃ মে মাহত দেশত ডিজিটেল লেনদেন ভংগ কৰিলে সৰ্বকালৰ অভিলেখ।  ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (এনপিচিআই)ৰ তথ্য অনুসৰি ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছ (ইউপিআই)ৰ লেনদেনে মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ পৰিমাণ ১৮.৬৮ বিলিয়ন আৰু ২৫.১৪ ট্ৰিলিয়ন  স্পৰ্শ কৰিছে।

Advertisment
মে’ মাহত এই সংখ্যাৰ পৰিমাণ ৪ শতাংশ আৰু মূল্য ৫ শতাংশ বৃদ্ধি পাইছে, যিটো এপ্ৰিল মাহত ক্ৰমে ১৭.৮৯ বিলিয়ন আৰু ২৩.৯৫ ট্ৰিলিয়ন ₹ আছিল। লেনদেনৰ পৰিমাণ (YoY) ৩৩ শতাংশ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ মূল্যমূল্য ২৩ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বৰ অভিলেখ সংখ্যা আছিল ২০২৫ চনৰ মাৰ্চ মাহত, যেতিয়া ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ পৰিমাণ আছিল ১৮.৩ বিলিয়ন আৰু মূল্য ২৪.৭৭ ট্ৰিলিয়ন।
দৈনিক লেনদেনৰ সংখ্যাও এপ্ৰিল মাহত ৫৯৬ মিলিয়নৰ পৰা চলিত বৰ্ষৰ মে’ মাহত ৬০২ মিলিয়নলৈ বৃদ্ধি পাইছে, যাৰ ফলত এপ্ৰিল মাহত ৭৯,৮৩১ কোটি টকাৰ পৰা মে’ মাহত ৮১,১০৬ কোটি টকালৈ মূল্য বৃদ্ধি পাইছে। মে’ মাহত ৪৬৪ মিলিয়ন ইমিমিডিয়েট পেমেণ্ট চাৰ্ভিচ (আইএমপিএছ) লেনদেন হৈছিল, যিটো এপ্ৰিল মাহত ৪৪.৯ কোটি লেনদেনৰ তুলনাত ৩ শতাংশ বৃদ্ধি পাইছে।
আইএমপিএছৰ লেনদেনও মূল্যৰ হিচাপত ৩ শতাংশ বৃদ্ধি পাইছে এপ্ৰিল মাহত ৬.২২ ট্ৰিলিয়ন ₹ৰ পৰা মে’ মাহত ৬.৪১ ট্ৰিলিয়ন ₹লৈ। মাৰ্চ মাহত ইয়াৰ পৰিমাণ ৪৬২ মিলিয়ন আৰু মূল্য ৬.৬৭ ট্ৰিলিয়ন হোৱা দেখা গৈছিল।  ২০২৪ চনৰ একে সময়ছোৱাৰ তুলনাত মে’ মাহত এই সংখ্যা ১৭ শতাংশ হ্ৰাস পাইছে আৰু মূল্য ৬ শতাংশ বৃদ্ধি পাইছে।
এই বছৰৰ এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত দৈনিক লেনদেনৰ সংখ্যা ১৪.৯৮ মিলিয়নৰ পৰা ১৪.৯৬ মিলিয়নলৈ হ্ৰাস পাইছে, যাৰ ফলত দৈনিক মূল্য ২০,৭২২ কোটিৰ পৰা ২০,৬৭৩ কোটি টকালৈ হ্ৰাস পাইছে।
অসম