২০২৪ ৰ ডিচেম্বৰ মাহত ১৬.৭৩ বিলিয়ন লেনদেনেৰে অভিলেখ ইউপিআইৰ

 ২০২৪ চনৰ মে’ মাহতো একেধৰণৰ উত্থান দেখা গৈছিল। এপ্ৰিল মাহত ১৩.৩ বিলিয়ন লেনদেনৰ পৰিসংখ্যাৰ বিপৰীতে মা মাহত ১৪.০৩ বিলিয়ন লেনদেনেৰে অভিলেখ কৰিছিল ইউপিআইয়ে। 

author-image
Asomiya Pratidin
New Update
fs

ডিজিটেল ডেস্কঃ  ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ চনৰ ডিচেম্বৰ মাহত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই)ৰ লেনদেনে ১৬.৭৩ বিলিয়নেৰে অভিলেখ সৃষ্টি কৰিছিল। নৱেম্বৰ মাহৰ তথ্যৰ তুলনাত এই পৰিমাণ ৮ শতাংশ বৃদ্ধি পাইছে। পূৰ্বতে এই পৰিমাণ আছিল ১৫.৪৮ বিলিয়ন।

তথ্য অনুসৰি, নৱেম্বৰ মাহত লেনদেনৰ পৰিমাণ আছিল ২১.৫৫ লাখ কোটি। ইয়াৰ তুলনাত ডিচেম্বৰ মাহত লেনদেনৰ মুঠ মূল্য যথেষ্ট বৃদ্ধি হৈ ২৩.২৫ লাখ কোটি হয়। ডিচেম্বৰ মাহত দৈনিক গড় লেনদেনৰ সংখ্যা আছিল ৫৩৯.৬৮ মিলিয়ন, যিটো নৱেম্বৰ মাহৰ ৫১৬.০৭ মিলিয়নৰ তুলনাত বৃদ্ধি পাইছে।

 ২০২৪ চনৰ মে’ মাহতো একেধৰণৰ উত্থান দেখা গৈছিল। এপ্ৰিল মাহত ১৩.৩ বিলিয়ন লেনদেনৰ পৰিসংখ্যাৰ বিপৰীতে মা মাহত ১৪.০৩ বিলিয়ন লেনদেনেৰে অভিলেখ কৰিছিল ইউপিআইয়ে। 

ইউপিআইৰ