ডিজিটেল পেমেন্ট! বিশ্বত অপ্ৰতিৰোধ্য ভাৰত...

অনলাইন লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে অপ্ৰতিৰোধ্য ভাৰত। ইউ পি আইৰ জৰিয়তে বিশ্বৰ ডিজিটেল লেনদেনৰ প্ৰায় ৫০শতাংশ লেনদেন হয় কেৱল ভাৰতবৰ্ষতে। শেহতীয়া এক তথ্য অনুসৰি, যোৱা জুন মাহত ইউপিআইয়ে

author-image
Asomiya Pratidin
New Update
new ap web 2 (7)

ডিজিটেল ডেস্কঃ অনলাইন লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে অপ্ৰতিৰোধ্য ভাৰত। ইউ পি আইৰ জৰিয়তে বিশ্বৰ ডিজিটেল লেনদেনৰ প্ৰায় ৫০শতাংশ লেনদেন হয় কেৱল ভাৰতবৰ্ষতে। শেহতীয়া এক তথ্য অনুসৰি, যোৱা জুন মাহত ইউপিআইয়ে ২৪.০৩ লাখ কোটি টকাৰ লেনদেন হৈছিল।  যিটো যোৱা বছৰৰ একে মাহৰ তুলনাত প্ৰায় ৩২ শতাংশ বৃদ্ধি পাইছে।

Advertisment

২০১৬ চনত ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে (এন পি চি আই) আৰম্ভ কৰা ইউ পি আইৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে একাধিক বেংক একাউণ্টক এটা এপত সংযোগ কৰি নিমিষতে ধন স্থানান্তৰ কৰিব পাৰে। ইয়াৰ আবেদন নিৰাপত্তা আৰু ২৪ ঘণ্টাই সুলভতাত নিহিত হৈ আছে।

এই প্লেটফৰ্মে এতিয়া ৪৯১ মিলিয়ন ব্যক্তি আৰু ৬.৫ কোটি ব্যৱসায়ীক সেৱা আগবঢ়ায়, ৬৭৫টা বেংক এই ব্যৱস্থাৰ সৈতে সংযুক্ত। ভাৰতৰ সকলো ডিজিটেল পেমেণ্টৰ ৮৫ শতাংশ আৰু সমগ্ৰ বিশ্বৰ সকলো ৰিয়েল টাইম ডিজিটেল লেনদেনৰ প্ৰায় আধা ইউপিআইয়ে চম্ভালে।

 

ভাৰত