ভাৰতৰ ৩০কোটি লোকে প্ৰতিদিনেই লেনদেন কৰে ইউ পি আইৰ জৰিয়তে...

দেশত শেহতীয়াকৈ অভূৰ্তপূৰ্বভাৱে বৃদ্ধি পাইছে ইউ পি আই লেনদেন। ২০১৬ৰ পিছৰ পৰা বিশেষকৈ দেশত ইউ পি আইৰ লেনদেন বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ইউ পি আইৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে ডিজিটেলী ঋণগ্ৰহণকাৰীৰ সংখ্যাও দেশত বৃদ্ধি পাইছে। 

author-image
Asomiya Pratidin
New Update
Dks

ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ অভূৰ্তপূৰ্বভাৱে বৃদ্ধি পাইছে ইউ পি আই লেনদেন। ২০১৬ৰ পিছৰ পৰা বিশেষকৈ দেশত ইউ পি আইৰ লেনদেন বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ইউ পি আইৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে ডিজিটেলী ঋণগ্ৰহণকাৰীৰ সংখ্যাও দেশত বৃদ্ধি পাইছে। 

উল্লেখ কৰা প্ৰয়োজন যে, দেশত ৩০কোটি ব্যক্তি আৰু ৫কোটি ব্যৱসায়ীয়ে সদায়েই ধনৰ লেনদেনৰ বাবে ব্যৱহাৰ কৰে ইউ পি আই। তথ্য অনুসৰি, যোৱা বিত্তীয় বৰ্ষত দেশৰ খুচুৰা বজাৰত মুঠ ধন লেনদেনৰ প্ৰায় ৭৫শতাংশ হৈছে ইউ পি আইৰ জৰিয়তে।

ইউ পি আইৰ জৰিয়তে ঋণ লোৱা লোকৰ সংখ্যাও বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। দেশত ইউ পি আইৰ জৰিয়তে ঋণ লোৱা লোকৰ সংখ্যা বিগত বছৰ কেইটাত প্ৰায় ১২শতাংশ বৃদ্ধি পাইছে। 

ইফালে বিত্ত মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি ৰুপে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে চলিত বৰ্ষৰ অক্টোবৰলৈকে ৭৫ কোটিৰো অধিক টকা লেনদেন কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত ইউ পি আই ৰুপে ক্ৰেডিট কাৰ্ডৰ লেনদেন ৩৬২.৮ মিলিয়ন ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ সঞ্চিত মূল্য আছিল ৩৩,৪৩৯.২৪ কোটি টকা। গতিকে, এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায়- ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত ইয়াৰ ক্ৰমবৰ্ধমান মূল্য প্ৰায় দুগুণ হৈছে।

ভাৰত