উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্নকাপ ফুটবলঃ ইউনাইটেড চিৰাংদুৱাৰ এফ চি চেম্পিয়ন

chirang
chirang
Published on
Updated on

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ওদালগুৰি জিলা এবছুৰ সহযোগত ওদালগুৰি নলবাৰী খেলপথাৰত অনুষ্ঠিত ২৮ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সোঁৱৰণী সৰ্বভাৰতীয় স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনিৰ আজিৰ ফাইনেল খেলত ইউনাইটেড চিৰাংদুৱাৰ এফ চিয়ে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক ১-০ গলত পৰাস্ত কৰে। খেলখনৰ প্ৰথম অৰ্ধৰ দুয়োটা দলেই কোনো ধৰণৰ গ'ল দিবলৈ সক্ষম নোহোৱাত গলশূন্যভাৱে অন্ত পৰে।

ইয়াৰ পিছত খেলখনৰ দ্বিতীয় অৰ্ধৰ ৬৮ মিনিটত চিৰাংদুৱাৰৰ আকিম অবয়ে প্ৰথমটো গ'ল দিবলৈ সক্ষম হয়। ইয়াৰ পাছতে দুয়োটা দলে অধিক উত্তেজনাপূৰ্ণ খেল খেলিও এটা গ'লো দিবলৈ সক্ষম নোহোৱাত খেলখনৰ সম্পূৰ্ণ সময় অন্ত পৰাত ইউনাইটেড চিৰাংদুৱাৰ এফ চি ১-০ গ'লত জয়ী হ'বলৈ সক্ষম হয়।

আজিৰ খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান ট্ৰফী নগদ ১০ হাজাৰ লাভ কৰে চিৰাংদুৱাৰৰ আকিম অবয়ে। ইয়াৰ পূৰ্ৱে আজিৰ খেলখন আনুষ্ঠানিকভাৱে শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই শুভাৰম্ভ কৰে বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা স্থানীয় বিধায়ক গোবিন্দ বসুমতাৰীয়ে।

বিজেতা দলক নগদ ৩০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰে বি টি আৰৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা স্থানীয় বিধায়ক গোবিন্দ বসুমতাৰীয়ে। আনহাতে প্ৰতিযোগিতাখনিৰ এইবাৰৰ চেম্পিয়নৰ খিতাপ লাভ কৰা ইউনাইটেড চিৰাংদুৱাৰ এফ চিক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে।

আজিৰ খেলত ৰেফাৰীৰ দ্বায়িত্ব পালন কৰে নিৰ্মল ভট্টাচাৰ্য, বাবুৰাম মোছাহাৰী, ইলিয়াছ বড়ো, মৃদুল বসুমতাৰী আৰু দ্ৰোনাচাৰ্য ৰাভা। উল্লেখ্য যে, ইয়াৰ পূৰ্ৱে ২০১৩ বৰ্ষত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে প্ৰতিযোগিতাখনিত চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও পোন প্ৰথমবাৰৰ বাবে এই বেলি ইউনাইটেড চিৰাংদুৱাৰ এফ চিয়ে প্ৰতিযোগিতাখনিৰ চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

আজিৰ খেলখনৰ বিৰতিৰ সময়ত বিভিন্ন সাংস্কৃতিক নৃত্য‌ও প্ৰদৰ্শন কৰা হয়। আজিৰ খেলখনত ই‌ এম নিলুৎ স্বৰ্গীয়াৰীৰ লগতে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰণীল দৈমাৰী, জিলা এবছুৰ সভাপতি লোহিত চন্দ্ৰ বড়োকে ধৰি কেইৱাগৰাকীও এমচিএল‌এ আৰু ইউপিপিএল আৰু এবছু, বিজেপি, বিপিএফৰ নেতৃত্ব উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in