অবিৰতভাৱে নিৰ্গত গেছ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অ’এনজিচিয়ে

শিৱসাগৰৰ ভটিয়াপাৰৰ সমীপৰ ১৪৭ নং প্ৰাইভেট ৰিগৰ পৰা অবিৰতভাৱে নিৰ্গত গেছ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অ’এনজিচিয়ে। ৰিগটো নিয়ন্ত্ৰণলৈ অনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰচেষ্টা হাতত লৈছে অ’এনজিচিৰ সংকট ব্যৱস্থাপনা দলটোৱে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
333

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ ভটিয়াপাৰৰ সমীপৰ ১৪৭ নং প্ৰাইভেট ৰিগৰ পৰা অবিৰতভাৱে নিৰ্গত গেছ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অ’এনজিচিয়ে। ৰিগটো নিয়ন্ত্ৰণলৈ অনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰচেষ্টা হাতত লৈছে অ’এনজিচিৰ সংকট ব্যৱস্থাপনা দলটোৱে। অপাৰেচনৰ বাবে প্ৰয়োজনীয় তৰল পদাৰ্থও সাজু কৰি ৰখা হৈছে। শনিবাৰে ​​দিনৰ ভাগত অপাৰেচনৰ পৰৱৰ্তী পদক্ষেপ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে, শিৱসাগৰৰ ৰূদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নং প্ৰাইভেট ৰিগত বৃহস্পতিবাৰে দুপৰীয়া এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল ৷ ৰীগৰ পৰা প্ৰচণ্ড শব্দ আৰু তীব্ৰ গতিৰে নিৰ্গত হৈছিল খাৰুৱা তেল মিশ্ৰিত প্ৰাকৃতিক গেছ ৷ চাৰি কিলোমিটাৰ নিলগৰ পৰা শুনা গৈছিল গেছ নিৰ্গত হোৱাৰ শব্দ ৷ বিস্ফোৰণৰ পিছতেই আতংকিত গাঁওবাসী নিৰাপদ স্থানলৈ পলায়ন কৰাবলৈ বাধ্য হৈছিল ৷ এচ কে পেট্ৰকেমিকেল নামৰ প্ৰতিস্থানটোৰ ৰীগত সংঘটিত হৈছিল এই ঘটনা ৷ ঘটনাস্থলীলৈ বিভিন্ন স্থানৰ পৰা আগমণ ঘটিছিল অগ্নিনিৰ্বাপক বাহনৰ 

অ’এনজিচি খাৰুৱা তেল শিৱসাগৰ