মহাকুম্ভত পদপিষ্ট হৈ নিহত হোৱা লোকৰ পৰিয়াললৈ ক্ষতিপূৰণস্বৰূপে আৰ্থিক সাহায্য ঘোষণা...

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ন্যায়িক তদন্তৰ নিৰ্দেশ দি নিহতৰ পৰিয়ালক ২৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈ আজি পুৱতি নিশা প্ৰায় ২ বজাত পদপিষ্ট হৈ বহু ভক্তৰ মৃত্যু হয়। সমান্তৰালভাৱে আহত হৈছে বহুলোক । 

অত্যাধিক ভিৰৰ বাবে মঙলবাৰে আবেলি মেলা চৌহদৰ বহু বেৰিকেড ভাঙি পেলোৱা হৈছিল। তাৰ মাজতে বুধবাৰে পুৱা পদপিষ্টৰ ঘটনা সংঘটিত হয়।যাৰ ফলত ৩০ জনকৈ লোকৰ মৃত্যু হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।লগতে ৯০ জনতকৈয়ো অধিক লোক আহত হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ন্যায়িক তদন্তৰ নিৰ্দেশ দি নিহতৰ পৰিয়ালক ২৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিভিন্ন কণ্ট্ৰল ৰুমৰ জৰিয়তে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত থকা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

যোগী আদিত্য নাথ মহাকুম্ভ মেলা