/asomiyapratidin/media/media_files/2025/05/01/zjcHwg8b2dRXKiDFVEXc.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : পঞ্চায়ত নিৰ্বাচনৰ প্ৰশিক্ষণ ল'বলৈ গোলাঘাটলৈ আহি অকাল মৃত্যুক আঁকোৱালি ল’লে এগৰাকী শিক্ষকে । পূৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৰি বৰকাকতিয়ে কাকডোঙাৰ বাসগৃহৰ পৰা স্কুটীৰে গোলাঘাটলৈ নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি থকাৰ পথত মৃত্যুমুখত পৰে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল যদিও স্বাভাৱিকভাৱেই শিক্ষকতা কৰি গৈছিল তেখেতে। চৰকাৰক অসুস্থতাৰ কথা জনোৱাও হৈছিল যদিও মনৰ জোৰত প্ৰশিক্ষণ ল'বলৈ আহি এনেদৰে মৃত্যুমুখত পৰে ৫৮ বছৰীয়া শিক্ষকগৰাকী।