পেহেলগাম আক্ৰমণঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত এলইটি-টিআৰএফ জড়িত থকাৰ তথ্য প্ৰকাশ...

ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ (UNSC) এখন প্ৰতিবেদনে জম্মু-কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলৰ ভয়ংকৰ হামলাৰ বাবে পাকিস্তান-ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বা (LeT) আৰু ইয়াৰ

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ  ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ (UNSC) এখন প্ৰতিবেদনে জম্মু-কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলৰ ভয়ংকৰ হামলাৰ বাবে পাকিস্তান-ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বা (LeT) আৰু ইয়াৰ প্ৰক্সি দল দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ (TRF) সম্পৰ্কৰ কথা উল্লেখ কৰিছে।

Advertisment

এই প্ৰতিবেদনে ভাৰতৰ পাকিস্তান-পৃষ্ঠপোষক সন্ত্ৰাসবাদৰ অভিযোগক শক্তিশালী কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে টিআৰএফে আক্ৰমণৰ দায়িত্ব দুবাৰ গ্ৰহণ কৰিছিল আৰু আক্ৰমণৰ স্থানৰ ফটো প্ৰকাশ কৰিছিল যদিও পাছত তেওঁলোকে দায়িত্ব অস্বীকাৰ কৰে।

পাঁচজন সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ২৬ জন নিৰীহ লোকৰ মৃত্যু হৈছিল। ৰাষ্ট্ৰসংঘৰ মনিটৰিং দলৰ মতে, এললইটিৰ সমৰ্থন অবিহনে এই আক্ৰমণ সম্ভৱ নাছিল। এখন সদস্য ৰাষ্ট্ৰই কয় যে টিআৰএফ আৰু এলইটি একে। পাকিস্তানে এই দাবী নাকচ কৰি এলইটিক “নিষ্ক্ৰিয়” বুলি দাবী কৰে।

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে আক্ৰমণৰ প্ৰতিশোধৰ কথা উল্লেখ কৰি অপাৰেচন মহাদেৱত তিনিজন সন্ত্ৰাসবাদীক ধৰাশায়ী কৰাৰ কথা ঘোষণা কৰিছে। এই প্ৰতিবেদনে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে বিশ্বজুৰি ভাৰতৰ অৱস্থানক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

পেহেলগাম