/asomiyapratidin/media/media_files/2026/02/06/ngsggs-2026-02-06-09-59-21.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ কঠিয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বঢ়মপুৰৰ ধনতোলাত চলিছে ভূ-মাফিয়াৰ দপদপপনি। ভূ-মাফিয়া বিক্ৰম পাটৰৰ নেতৃত্বত ননৈ নৈ পাৰৰ বিঘাই বিঘাই মাটি খান্দিছে চক্ৰটোৱে ।বন বিভাগৰ নিয়ম অনুসৰি মাটি তিনি ফুটতকৈ অধিক দকৈ খান্দিব নোৱাৰে।
কিন্তু বন বিভাগৰ সেই নিৰ্দেশনাক জলাঞ্জলি দি ভূ মাফিয়া বিক্ৰম পাটৰৰ নেতৃত্বত অবাধ হাৰত চলিছে মাটি খনন কাৰ্য। আনহাতে মাটি কঢ়িওৱা ডাম্পাৰ সমূহৰ প্ৰত্যেকখনৰে থাকিব লাগে বন বিভাগৰ চালান, কিন্তু চালান বিহীনভাৱে চলিছে ডাম্পাৰ সমূহ।ভূ-মাফিয়াজনৰ নেতৃত্বত বন বিভাগৰ সকলো আইন অমান্য কৰি চলিছে মাটিৰ ব্যৱসায়।
কিন্তু ইয়াৰ পাছতো কঠিয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ে মোটা অংকৰ ধনৰ বিনিময়ত মেনেজ হৈ চকু মুদা কুলিৰ ভাও ধৰিছে। আনপিনে এই তীব্ৰবেগী মাটি কঢ়িওৱা ডাম্পাৰৰ উপদ্ৰৱত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে যদিও আজিকোপতি পুৰণিগুদাম আৰক্ষীয়েও তীব্ৰবেগী ডাম্পাৰৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই।
ৰাজনৈতিক আৰ্শীবাদপুষ্ট ভূ-মাফিয়া বিক্ৰম পাটৰে ননৈ নৈৰ একেবাৰে কাষতে মাটি খান্দি নৈ খনলৈও আনিছে বিপদৰ শংকা। এতিয়া কথা হ'ল কাৰ আশীৰ্বাদত বিক্ৰম পাটৰে অনায়াসে অবৈধভাৱে চলাই আহিছে মাটিখনন? বিয়াগোম বন বিভাগৰ চকুৰ সন্মুখেৰে পাৰ হৈ যোৱা চালানবিহীন ডাম্পাৰ সমূহক নাকী লগাব পৰা নাই কিয় বন বিভাগে? এইক্ষেত্ৰত নগাঁও জিলা বন বিষয়া আৰু কঠীয়াতলি আঞ্চলিক বন বিষয়া আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়াৰ নিৰৱ ভুমিকা কিয়?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us