বিশেষ অফাৰঃ ৯৯হাজাৰ টকা দিলেই ওৰে জীৱনলৈ আনলিমিটেড ফুচকা...

প্ৰায়সকল লোকৰে প্ৰিয় খাদ্যৰ তালিকাখনত বিশেষ স্থান দখল কৰে ফুচকাই। শেহতীয়াকৈ প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতত ফুচকাৰ বজাৰখনৰ মূল্য প্ৰায় ৬০০০কোটি টকা।

author-image
Asomiya Pratidin
New Update
ফুচকা

ফুচকা

ডিজিটেল ডেস্কঃ প্ৰায়সকল লোকৰে প্ৰিয় খাদ্যৰ তালিকাখনত বিশেষ স্থান দখল কৰে ফুচকাই। শেহতীয়াকৈ প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতত ফুচকাৰ বজাৰখনৰ মূল্য প্ৰায় ৬০০০কোটি টকা। এক আগতীয়া সমীক্ষা অনুসৰি ২০২৪-২৫বৰ্ষটোত ফুচকাই সমগ্ৰ দেশত প্ৰায় ৫০হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিব বুলি এক তথ্য প্ৰকাশ পাইছে।

Advertisment

ফুচকাৰ এনে উত্থান হোৱা বজাৰখনত নাগপুৰৰ এগৰাকী ফুচকাৱালাই সকলোকে প্ৰদান কৰিছে এক বিশেষ অফাৰ। ফুচকা প্ৰিয় সকলৰ বাবে নাগপুৰৰ বিজয় মেহৱাল গুপ্তা নামৰ ফুচকাৱালাগৰাকীয়ে একা বিশেষ পেকেজ ঘোষণা কৰিছে।

এই বিশেষ পেকেজটোৰ মূল্য হৈছে ৯৯হাজাৰ টকা। এই পেকেজটো লোৱাজনে ওৰে জীৱন খাব যেতিয়াই যিমান মন যায়, সিমান ফুচকা খাব পাৰিব। লাইফটাইম এই ফুচকা পেকেজটোৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৯৯হাজাৰ টকা। 

এই ৯৯হাজাৰ টকাত ওৰে জীৱন আনলিমিটেড ফুচকা খাব পাৰিব এগৰাকী লোকে। নাগপুৰৰ বিজয় মেহৱাল গুপ্তা নামৰ ফুচকাৱালাগৰাকীৰ এই আকৰ্ষণীয় পেকেজটোৱে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো শিৰোনাম দখল কৰিছে। 

প্ৰিয়বন্ধু