/asomiyapratidin/media/media_files/2025/06/08/naWysQPx9XBdBq7mxlTi.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : অসমৰ লোককৃষ্টিসমূহক নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত শিকোৱা আৰু প্ৰসাৰ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে বিহু সুৰক্ষা পৰিষদে ৷ ইতিমধ্যে তেজপুৰ পৰ্বতীয়াত এই কেন্দ্ৰৰ দেওবাৰে দ্বিতীয়টো বৰ্ষপূৰ্তি আৰু পৰীক্ষা অনুষ্ঠিত হয় ৷
প্ৰায় অৰ্ধশতাধিক শিকাৰুৱে অংশ লয় এই অনুষ্ঠানত৷ এই অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ প্ৰতিদিন টাইমৰ ব্যুৰ অৰ্ণৱ কুমাৰ নাথে ৷
এগৰাকী নাট্যকাৰ পৰিচালক তথা অভিনেতা আৰু লোক সংস্কৃতিৰ সাধক নাথে তেওৰ বক্তব্যত অসমৰ বিভিন্ন ঠাইৰ লোক সংস্কৃতি তথা থলুৱা কৃষ্টি সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত প্ৰচাৰ কৰিবলৈ উদ্যোক্তাসকলক আহ্বান জনায় ৷ অনুষ্ঠানটিৰ উদ্বোধন কৰে সাংবাদিক সংগীতা দত্ত দেৱীয়ে ৷
তেওঁ উদ্যোক্তাসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু বিশেষভাৱে অসমীয়া লোককৃষ্টিসমূহক শুদ্ধ ৰুপত নতুন শিকাৰুসকলক শিক্ষা দিয়াৰ পোষকতা কৰে ৷ অনুষ্ঠানত বিশিষ্ট শিল্পী মোহিনী হাজৰিকা, ক্ৰীড়াবিদ ৰাজেন বৰা, বিহুৰ গৱেষক গৌৰৱ মহন্তৰ লগতে বহুকেইজন লোক উপস্থিত থাকে৷ অনুষ্ঠানটিৰ আঁত ধৰে ওজা বিনয় বৰাই ৷