Advertisment

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আজি দুপৰীয়া চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ পৰা ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা মৈদাম সন্দৰ্ভত বুজ লয় । 

author-image
Asomiya Pratidin
New Update
charaideo

ডিজিটেল সংবাদ, চৰাইদেউ : বৃহস্পতিবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আজি দুপৰীয়া চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ পৰা ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা মৈদাম সন্দৰ্ভত বুজ লয় । 

Advertisment

কেন্দ্ৰীয়গৰাকীয়ে মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও চি ৰেন গৃহত বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে টাই মলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেদি আহোম স্বৰ্গদেউসকলৰ উপৰি পুৰুষক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে ৷  সোণোৱালৰ এই ভ্ৰমণকালত সংগ দিয়ে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, লক্ষ্য কোঁৱৰ , জিলা আয়ুক্ত ড° নেহা যাদৱ আৰু প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকলে ৷

Charaideo Maidam sarbananda sonowal