ছয়গাওঁত ৰাস মহোৎসৱ শুভ উদ্ধোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে

দক্ষিন কামৰূপৰ ছয়গাওঁ সমষ্টিৰ চান্দ সদাগৰৰ স্মৃতি বিজড়িত সোমবাৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ।

author-image
Asomiya Pratidin
New Update
ছয়গাওঁত ৰাস মহোৎসৱ শুভ উদ্ধোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে

ডিজিটেল সংবাদ,ছমৰীয়া-:দক্ষিন কামৰূপৰ ছয়গাওঁ সমষ্টিৰ চান্দ সদাগৰৰ স্মৃতি বিজড়িত সোমবাৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৬৫ তম ছয়গাওঁ চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ শুভ উদ্ধোধন কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল দেৱে।

Advertisment

ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড ৰ অধ্যক্ষ ড° কমলা কলিতাই প্ৰথম দিনাৰ উদ্ধোধনী অনুষ্ঠানত লোকে লোকৰন্য হৈ পৰিল ছয়গাওঁ চম্পকনগৰ ৰাস পূজা স্থলী।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাস মহোৎসৱ শুভ উদ্ধোধন কৰাৰ পিছতে এখন উদ্ধোধনী সভা অনুষ্ঠিত হয়।এই উদ্ধোধনী সভাত "সাৰংগপানী" শীৰ্ষক এখনি আলোচনী শুভ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বিমল মজুমদাৰে।এই সভাত হিচাপে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগম ৰ অধ্যক্ষ ৠতুপৰ্ন বৰুৱা,ছয়গাওঁৰ জীয়ৰী তথা বোলছবি পৰিচালিকা ৰীমা দাস।

assam sarbananda sonowal raas