ডিজিটেল সংবাদ, কাজিৰঙা : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ সবল প্রচেষ্টাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণৰ বৈঠক কাজিৰঙাত শনিবাৰে সফলতাৰে সামৰণি পৰে। ইয়াৰ পাছত সর্বানন্দ সোণোৱালে দেওবাৰে কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত উপস্থিত হয় আৰু মহিলা বন সুৰক্ষা কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।
গঁড়ৰ চোৰাং চিকাৰ ৰোধৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা, সংৰক্ষণৰ দিশত 'বনদুর্গা' হিচাপেখ্যাত মহিলা বনকৰ্মীসকলৰ কৰ্তব্য নিষ্ঠাৰ সোণোৱালে শলাগ লয়। সোণোৱালে কয়, "কাজিৰঙাৰ চিৰসেউজ পৰিৱেশ মনোমুগ্ধকৰ। ইয়াৰ জৈৱ-বৈচিত্র্যতা সঁচাকৈয়ে অনন্য। আজি কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰি আনন্দ অনুভৱ কৰিছোঁ।
পশু-পক্ষী, জীৱ-জন্তুৰ কলৰৱ, বিনন্দীয়া প্ৰকৃতিৰ অপৰূপা দৃশ্যই মন-প্রাণ প্রফুল্লিত কৰি তুলিলে। স্থানীয় শিক্ষার্থীসকলে সম্প্রতি অগৰাতলী বনাঞ্চলখনত পক্ষীৰ জৰীপ কৰি থকাৰ সময়ত তেওঁলোকৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে জাগ্ৰত প্ৰহৰীস্বৰূপ বনকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।
বিগত বছৰসমূহত গঁড়ৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক উজ্জীৱিত কৰি তুলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ সুৰক্ষাৰ্থে সদা-তৎপৰ 'বনদুর্গা'। মহিলা বন সুৰক্ষা কৰ্মীসকলে কৰ্তব্যনিষ্ঠাৰে কাজিৰঙাৰ জৈৱ-বৈচিত্র্যতাৰ সুৰক্ষা, সংৰক্ষণৰ বাবে যি নিৰন্তৰ সেৱা আগবঢ়াইছে, সেয়া অত্যন্ত শলাগনীয় আৰু প্ৰেৰণাদায়ক বুলি মন্তব্য কৰে।
লগতে কয়- 'বনদুর্গা' হিচাপে খ্যাত এইসকল মহিলা বন সুৰক্ষা কৰ্মীক আজি অগৰাতলী বনাঞ্চলত লগ পাই আনন্দিত হ'লোঁ। নাৰীশক্তিৰ নিদর্শন দাঙি ধৰি সমাজলৈ এক যোগাত্মক বার্তা প্ৰেৰণ কৰা 'বনদুর্গা'ৰ অদম্য সাহস, মনোবল সকলোৰে বাবে অনুকৰণীয়।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ কাজিৰঙা ভ্ৰমণৰ সময়ত বনদুর্গাসকলক লগ কৰি উৎসাহিত কৰিছিল। বন্যপ্ৰাণীৰ সুৰক্ষাৰ্থে সমর্পিত সেৱা আগবঢ়াই অহা এই বনদুর্গাসকলৰ সুবিধাৰ্থে অগৰাতলীত নতুনকৈ নির্মিত 'কিং কোব্রা চোৰাং চিকাৰ বিৰোধী কেম্প' আজি মুকলি কৰে। ইয়াৰ উপৰি অগৰাতলী পর্যটন আৰু বন্যপ্রাণী ছাফাৰী এছ'চিয়েচনৰ শিবিৰৰো আধাৰশিলা স্থাপন কৰে সোণোৱালে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "কাজিৰঙাৰ শোভাবর্ধন, পৰ্যটনৰ প্ৰসাৰ, জৈৱ-বৈচিত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বিজেপি চৰকাৰৰ দিনত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কংগ্ৰেছৰ দিনত অসমৰ গৌৰৱ এটা খৰ্গৰ গড়ৰ সংখ্যা ক্ৰমাৎ হ্রাস পাইছিল। গঁড়ৰ ব্যাপক হাৰত চোৰাং চিকাৰ হৈছিল, অসমৰ গৌৰৱ ম্রিয়মান হৈছিল।
বিজেপি চৰকাৰ শাসনত অহাৰ পাছতেই চোৰাং চিকাৰীৰ বিৰুদ্ধে তৎপৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল, বিশেষ গঁড় সুৰক্ষা বাহিনী গঠন কৰা হ'ল, বানপানীৰ সময়ত বন্যপ্রাণীয়ে আশ্রয় ল'ব পৰাকৈ হাইলেণ্ড নিৰ্মাণ কৰা হ'ল বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে আগন্তুক দিনবোৰতো সবল ভূমিকা পালন কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বন্যপ্ৰাণীৰ উদ্ধাৰ, সহায় অভিযান, স্বাস্থ্য সুৰক্ষা এতিয়া ক্ষিপ্ৰতৰ কৰি তোলা হৈছে। কঁহৰা, বাগৰী বনাঞ্চলৰ সমান্তৰালকৈ অগৰাতলী বনাঞ্চলতো পর্যটন বৃদ্ধি কৰাত বিশেষ গুৰুত্ব দিয়া হ'ব বুলি তেওঁ কয়।
কাজিৰঙাৰ প্ৰায় ১০০ খন বিলৰ সৌন্দর্যবর্ধন আৰু পৰ্যটন উন্নয়ন বৃদ্ধিৰ বাবে যাৱতীয় ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰা হৈছে। কাজিৰঙা আমাৰ জাতীয় গৌৰৱ। এই গৌৰৱ আমি সকলোৱে ঐক্যবদ্ধভাৱে আগুৱাই নিব লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মন্তব্য কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষ, আঞ্চলিক বন বিষয়া অৰুণ ৱিগনেশ আৰু বন বিভাগৰ অন্যান্য বিষয়াসকলে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে।