/asomiyapratidin/media/media_files/2025/02/09/XYloa9obJvAWJ69GAFqw.png)
দ্য কনক্লেভ - ভাৰত বোধ, গুৱাহাটী সংস্কৰণৰ সামৰণী অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ
ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ঈশান বোধ আৰু নিশ্রেয়ছে তিনিদিনীয়াকৈ আয়োজন কৰা দ্য কনক্লেভ -ভাৰত বোধ, গুৱাহাটী সংস্কৰণৰ সামৰণী অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে। তেওঁ মা ভাৰতীৰ প্ৰতি সমর্পিত ব্যক্তিসকলৰ আগত মনৰ অনুভৱ ব্যক্ত কৰে।
বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ সাৰুৱা ভাষণ আৰু বর্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে পৰিপূৰ্ণ অনুষ্ঠানটিত ভাৰতৰ চহকী ঐতিহ্য, সভ্যতা-সংস্কৃতিৰ উদযাপন আৰু ভৱিষ্যতৰ দিক্-নিৰ্দেশনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। এখন বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ অনিৰুদ্ধ যাত্ৰাত সাংস্কৃতিক ঐতিহ্য পাথেয় হৈ থাকিব বুলি সোণোৱালে আজি উল্লেখ কৰি ভাৰত বোধ- দেশৰ যাউতিযুগীয়া সাংস্কৃতিক ঐতিহ্যৰ মহত্বপূর্ণ উদযাপন বুলি অভিহিত কৰে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে ভাষণ প্রসংগত কয়, "মহান সভ্যতা-সংস্কৃতিৰে পৰিপূৰ্ণ আমাৰ দেশ ভাৰত এতিয়া প্ৰগতিৰ অনিৰুদ্ধ গতিৰে বিশ্ব মানচিত্ৰত নতুন ৰূপত উজ্জীৱিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আৰু সংঘ পৰিয়ালৰ নিৰন্তৰ প্ৰচেষ্টাত নতুন ভাৰতীয় নৱজাগৰণে আমাৰ সভ্যতা-সংস্কৃতি, উন্নয়নক পুনৰুজ্জীৱিত কৰিছে। দেশবাসীয়ে এতিয়া মূল্যবোধ আৰু উন্নয়নৰ এক নৱজাগৰণৰ অভিজ্ঞতা লাভ কৰিছে।
/asomiyapratidin/media/media_files/2025/02/09/i2CYCjJTbChIvrxOeNWV.jpg)
আমি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অর্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছোঁ আৰু অনাগত বছৰবোৰত তৃতীয় সর্ববৃহৎ হোৱাৰ দৃঢ় সংকল্পেৰে আগুৱাই গৈছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ অৰ্থনীতি এতিয়া যথেষ্ট সমৃদ্ধ হৈছে। আমাৰ যুৱ মনবোৰ উদ্ভাৱনী শক্তিৰে উপচি পৰিছে, সমান্তৰালকৈ আমাৰ ঐতিহ্য-পৰম্পৰা পুনৰুজ্জীৱিত হৈ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ সূচনা হৈছে।
সাংস্কৃতিক ঐতিহ্যৰে ভাৰত যুগে যুগে মহীয়ান। আমাৰ ইয়াৰ যোগ, চলচ্চিত্র, নাটক, কলা-সাহিত্য, সংস্কৃতিয়ে এক অনন্য বৈভৱ কঢ়িয়াই আনিছে। প্রধানমন্ত্রী মোদীৰ গতিশীল নেতৃত্বত সমান্তৰালকৈ ডিজিটেল ভাৰতৰ উত্থান আৰু ষ্টার্টআপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়াৰ দৰে পদক্ষেপে আমাক প্রযুক্তিগত উন্নতি আৰু বিশ্বজনীন বাণিজ্যকো ত্বৰান্বিত কৰিছে।
সোণোৱালে কয়, "আমি আমাৰ বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতি আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ মাজত শক্তিশালী হৈ আছোঁ। ভাষা, ধৰ্ম আৰু পৰম্পৰাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বৈচিত্রতা থকা স্বত্বেও আমি অনৈক্যৰ মাজত ঐক্য হৈ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' হিচাপে থিয় দিছোঁ।
/asomiyapratidin/media/media_files/2025/02/09/PgG2RUAbFCvI2eFX56Lu.jpg)
বৈচিত্র্যৰ এই একতা হৈছে আমাৰ সভ্যতা-সংস্কৃতিৰ প্ৰকৃত শক্তি। 'ভাৰত বোধ' হৈছে ভাৰতৰ সহস্ৰাব্দজুৰি বিস্তৃত আমাৰ সভ্যতা-সংস্কৃতি আৰু দেশৰ এক সামূহিক ৰাষ্ট্ৰ চেতনাৰ উদযাপন। অতীজৰে পৰাই ভাৰতে বিশ্বক জ্ঞান, আধ্যাত্মিকতা, বসুধৈৱ কুটুম্বকম আৰু উদ্ভাৱনৰ পথ প্ৰদৰ্শন কৰি আহিছে। আজি আমি এক নৱজাগৰণৰ যুগত ভৰি দিয়াৰ লগে লগে ভাৰতে বিশ্ব মঞ্চত নিজৰ সঠিক স্থান পুনৰ দখল কৰিছে। আমাৰ দীঘলীয়া ইতিহাসত আমি বহুতো পৰীক্ষা আৰু প্ৰত্যাহ্বানৰ সাক্ষী হৈছোঁ। বিভিন্ন প্রতিকূলতা, বাধা, আগ্রাসন নেওচি আমি দেশৰ সভ্যতা, সাংস্কৃতিক আৰু দার্শনিক ঐতিহ্যক পুনৰুজ্জীৱিত কৰি ৰাখিবলৈ সদায়েই সংকল্পবদ্ধ হ'ব লাগিব।
ভাৰত এনে এখন ৰাষ্ট্ৰৰ এক উজ্জ্বল উদাহৰণ, যিয়ে কেৱল নিজৰ পৰিচয় শক্তিশালী ৰূপত সুৰক্ষিত, সংৰক্ষণ কৰাই নহয়, বিশ্ব মঞ্চত এক সবল ৰাষ্ট্ৰ হিচাপেও আত্মপ্রকাশ কৰিছে। ভাৰতৰ সভ্যতা-সংস্কৃতিৰ পুনৰুত্থানৰ এই দীঘলীয়া যাত্ৰাৰ অন্যতম মূল স্তম্ভ হৈছে অগণন ৰাষ্ট্ৰপ্ৰেমী ব্যক্তিৰ সমর্পিত সেৱা, আত্মবলিদান, সংগ্ৰাম আৰু সমর্পণ।
/asomiyapratidin/media/media_files/2025/02/09/ggsioeVU3ceta9UB3wzf.jpg)
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৰিয়াল আৰু ইয়াৰ লাখ লাখ স্বয়ংসেৱকে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত এক নিৰন্তৰ ভূমিকা পালন কৰি আহিছে। জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী আদৰ্শক সাৰোগত কৰি সংঘ পৰিয়ালে মাতৃভূমিৰ উত্তৰণ, সুৰক্ষা আৰু সভ্যতা-সংস্কৃতিৰ সংৰক্ষণৰ বাবে যি অহোপুৰুষাৰ্থ কৰি সেয়া অত্যন্ত প্ৰেৰণাদায়ক। আমাৰ দেশৰ সেৱা, জ্ঞান আৰু আধ্যাত্মিকতাৰ প্ৰাচীন মূল্যবোধক বজাই ৰাখি ভাৰতৰ গৌৰৱ পুনৰুদ্ধাৰ কৰা জনআন্দোলনক আমি সবল ৰূপত আগুৱাই নি ভাৰত মাতাৰ চৰণত ভক্তিভাৱেৰে নিজকে উৎসর্গিত কৰিব লাগিব।
আজিৰ এই বিশেষ অনুষ্ঠানটিত লগতে উপস্থিত থাকে অভিজিৎ গোখলে, অধ্যাপক সচ্চিদানন্দ মিশ্র, অধ্যাপক বসন্ত সিন্দে, পদ্মশ্রীপ্রাপ্ত অধ্যাপক ভৰত গুপ্ত, ৰাজনীশ কুমাৰ মিশ্ৰ প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকল।