জি ২০ মিনিষ্টাৰ্ছ ডেভল’পমেণ্ট চামিটত অংশগ্ৰহণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই

জি ২০ মিনিষ্টাৰ্ছ ডেভল’পমেণ্ট চামিটত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। এই চামিটত বিশ্ব সম্প্ৰদায়ৰ বিভিন্ন বিকাশৰ দিশ সমূহ সামৰি লোৱা হ’ব।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-16 at 12.41.02 PM

ডিজিটেল ডেস্কঃ জি ২০ মিনিষ্টাৰ্ছ ডেভল’পমেণ্ট চামিটত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। এই চামিটত বিশ্ব সম্প্ৰদায়ৰ বিভিন্ন বিকাশৰ দিশ সমূহ সামৰি লোৱা হ’ব। ইয়াৰ লগতে এই ভ্ৰমণৰ সময়ত আফ্ৰিকাৰ কিংদম অৱ ইশ্বাটিনি আৰু কিংদম অৱ লেছ’থ’লৈ যাত্ৰা কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই ভ্ৰমণৰ সময়ত বহুকেইখন গুৰুত্বপূৰ্ণ বৈঠকত দেশক প্ৰতিনিধিত্ব কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই।

ইফালে, অসমলৈ অহা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী স্বাগতম জনাইছো। তেওঁলোক অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা উন্নয়নৰ সাক্ষী হওঁক ৷ ভাৰতৰত্ন ড' ভুপেন হাজৰিকাক ভাৰতৰত্ন দিওঁতে অপমান কৰিছিল মল্লিকাৰ্জুন খাৰ্গেই ৷ অসমক কংগ্ৰেছৰ দিনত কৰা অন্যায়ৰ বাবে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত" বুলিও মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

পবিত্ৰ মাৰ্ঘেৰিটা