ধুবুৰীত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী প্ৰতাপ ৰাও যাদব

ধুবুৰী জিলাক আকাংক্ষিত জিলা হিচাপে ঘোষণা কৰাৰ পিচতে জিলাখন পৰিদৰ্শন কৰিবলৈ অহা মন্ত্রী গৰাকীয়ে ধুবুৰী জিলাৰ উন্নয়নৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আকাংক্ষিত জিলা পৰিকল্পনাৰ মুখ্য অংশীদাৰসকলৰ সৈতে মত বিনিময়ৰ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ  এদিনীয়া কাৰ্য্যসূচীৰে আজি ধুবুৰীত উপস্থিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী প্ৰতাপ ৰাও যাদব। ধুবুৰী জিলাক আকাংক্ষিত জিলা হিচাপে ঘোষণা কৰাৰ পিচতে জিলাখন পৰিদৰ্শন কৰিবলৈ অহা মন্ত্রী গৰাকীয়ে ধুবুৰী জিলাৰ উন্নয়নৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আকাংক্ষিত জিলা পৰিকল্পনাৰ মুখ্য অংশীদাৰসকলৰ সৈতে মত বিনিময়ৰ কৰে।

Advertisment

আজি ধুবুৰী জিলা আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশ লয় কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী প্ৰতাপ ৰাও যাদবে। উক্ত বৈঠকত জিলা আয়ুক্ত দিবাকৰ নাথৰ উপৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলকে ধৰি ধুবুৰী পৌৰসভাৰ পৌৰপতি দেৱময় সান্নাল আৰু বিভিন্ন বিভাগৰ বৰমূৰীয়া সকল উপস্থিত থাকে। 

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত শ্ৰেণী কোঠাৰো পৰিদৰ্শন কৰে। দিনৰ ১২:৩০ বজাত ৰূপচী বিমানবন্দৰ পৰা গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ ৰাওনা হব মন্ত্ৰী গৰাকী।

ধুবুৰী