/asomiyapratidin/media/media_files/2025/04/27/8ZzruyjoGjOyyQPJhkch.jpg)
হৰদীপ সিং পুৰীৰ প্ৰত্যুত্তৰ
ডিজিটেল ডেস্ক : পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জৰ্দাৰীয়ে কৰা মন্তব্যক শনিবাৰে খণ্ডন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে সিন্ধু জল চুক্তি (আই ডব্লিউ টি) স্থগিত ৰখাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ভুট্টোৱে। বিলোৱাল ভুট্টো জৰ্দাৰীয়ে “সিন্ধু আমাৰ আৰু আমাৰ হৈয়েই থাকিব - হয় আমাৰ পানী ইয়াৰ মাজেৰে বৈ যাব, নহয় তেওঁলোকৰ তেজ” বুলি কৰিছিল মন্তব্য। ইয়াৰ প্ৰত্যুত্তৰত পুৰীয়ে মন্তব্য কৰে, "তেওঁৰ বক্তব্য শুনিলোঁ। পানী নাই, নজঁপিয়াব। পানী নাথাকিলে তেওঁ কেনেকৈ কৰিব? এনে বক্তব্যক মৰ্যাদা নিদিব। "
সংবাদ মাধ্যমক মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, "বিলোৱাল ভুট্টো জৰ্দাৰীয়ে মানসিক অৱস্থাৰ পৰীক্ষা কৰক। ইয়াৰ বাবে পূৰ্বৰ চৰকাৰসমূহৰ সহনশীলতাৰ স্তৰ আছিল। এতিয়া আমি এই সকলোবোৰ সহ্য নকৰো। এতিয়া কেইদিনমান অপেক্ষা কৰক।"
লগতে পুৰীয়ে দৃঢ়তাৰে উল্লেখ কৰে, ‘পহলগামৰ কাণ্ডটো নিঃসন্দেহে চুবুৰীয়া ৰাষ্ট্ৰই সংঘটিত কৰা সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী আক্ৰমণ, আৰু তেওঁলোকে ইয়াৰ দায়িত্ব লৈছে। পূৰ্বৰ দৰে কোনো ব্যৱসায় চলি নাথাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰে পাকিস্তানে গধুৰ মূল্য দিব লাগিব, আৰু এয়া মাত্ৰ আৰম্ভণিহে।সন্ত্ৰাসবাদীয়ে জীৱনৰ আটাইতকৈ মৌলিক অধিকাৰ কাঢ়ি লৈ যায়।এয়া হৈছে সমগ্ৰ বিশ্বই নিন্দা কৰা পাকিস্তান কেৱল এখন দুষ্ট ৰাষ্ট্ৰ নহয়, ই এক চূড়ান্ত অৱনতিৰ দেশ।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লণ্ডনত পাকিস্তান উচ্চায়ুক্তৰ পাকিস্তান সেনা তথা বায়ু উপদেষ্টা কৰ্ণেল টাইমুৰ ৰাহাটে কৰা ডিঙি ছিঙাৰ ইংগিতকো গৰিহণা দি ইয়াক “ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ”ৰ উদাহৰণ বুলি অভিহিত কৰে। তেওঁ কয়, ‘এয়া ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ। আমি এনে এটা পৰ্যায় পাইছো য’ত তেওঁলোকে মূল্য দিব লাগিব। যদি তেওঁলোকে (পাকিস্তানে) ভাবে যে তেওঁলোকে সিন্ধু জল সন্ধিৰ নিলম্বনৰ পৰা বাচিব পাৰিব, তেন্তে মই তেওঁলোকৰ শুভকামনা জনাইছো।’