/asomiyapratidin/media/media_files/2025/07/25/preamble-2025-07-25-11-18-13.jpeg)
ডিজিটেল ডেস্কঃ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজবাদ' এই শব্দ দুটা আঁতৰোৱাৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই কথা সংসদত অৱগত কৰিছে।
তেওঁ এই সন্দৰ্ভত কয়, বিষয়টোৰ সন্দৰ্ভত বৈঠক আৰু সমিতিসমূহৰ মাজত আলোচনা, যুক্তি আৰু বিতৰ্ক অব্যাহত থাকিব পাৰে। কিন্তু সংবিধানৰ প্ৰস্তাৱনা আনুষ্ঠানিকভাৱে সলনি কৰাৰ কোনো পৰিকল্পনা নাই। এই সম্পৰ্কীয় কোনো উদ্যোগ লোৱা হোৱা নাই।
উল্লেখ্য যে, ১৯৭৬ চনত জৰুৰীকালীন সময়ত, তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত, সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদ’ শব্দ দুটা সংযোজন কৰা হৈছিল। আৰ এছ এছে এই শব্দবোৰক ‘ভাৰতবিৰোধী সংস্কৃতি’ বা ‘ইন্দিৰা গান্ধীয়ে জাপি দিয়া বিদেশী ধাৰণা’ বুলি তাৎপৰ্যপূৰ্ণভাৱে অভিহিত কৰিছিল।
১৯৭৭ চনত জনতা পাৰ্টি ক্ষমতালৈ আহিছিল। সেই সময়ত এই চৰকাৰে আন বহু সংশোধনী বাতিল কৰিছিল যদিও প্ৰস্তাৱনাৰ ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ এই শব্দ দুটা আঁতৰাই দিয়া নাছিল।
শেহতীয়াকৈ এই বিতৰ্কই পুনৰ গা কৰি উঠিছে। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদ’ শব্দক লৈ আৰ এছ এছে পুনৰ আপত্তি প্ৰকাশ কৰিছে। এইবাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালে এই শব্দ দুটা বাদ দিয়াৰ ৰাজহুৱা পোষকতা কৰিছিল।
পিছত কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়েও এই শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ পোষকতা কৰিছিল। আনকি দেশৰ ৰাজনীতিত অন্যতম প্ৰভাৱশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়েও আজিৰ পৰা কিছু দিনৰ পূৰ্বে ৰাজহুৱাকৈ সংবিধানৰ পৰা 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজবাদ' শব্দ দুটা বাদ দিবলৈ কেন্দ্ৰীয় চৰকাৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনাব বুলিও ঘোষণা কৰিছিল।
কিন্তু মোডী চৰকাৰে এইসকলোৰে দাবীক নস্যাত কৰি সংবিধানত 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজবাদ' শব্দ দুটা অক্ষত অৱস্থাত আছে আৰু তেনেকৈয়ে থাকিব বুলি অৱগত কৰিছে। উল্লেখ্য যে, এই সন্দৰ্ভত সংসদত প্ৰশ্ন উত্থাপন কৰিছিল সমাজবাদী পাৰ্টীৰ সাংসদ ৰামজী লাল সুমনে।
তেওঁ ৰাজ্যসভাত আইন মন্ত্ৰালয়ক প্ৰশ্ন কৰিছিল, সংবিধানৰ প্ৰস্তাৱনা সলনি কৰাৰ কিবা পৰিকল্পনা আছে নেকি? সেই প্ৰশ্নৰ উত্তৰতে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে চৰকাৰী পৰ্যায়ত এতিয়াও এনে কোনো প্ৰস্তাৱ অহা নাই। নতুবা চৰকাৰেও কোনো চিন্তা কৰা নাই।