Advertisment

এবছুৰ অধিবশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ...

১৩ মাৰ্চৰ পৰা  অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন। ৪ দিন ধৰি অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 

author-image
Tushar Pratim
New Update
এবছুৰ অধিবশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ...

ডিজিটেল ডেস্কঃ অহা ১৩ মাৰ্চৰ পৰা  অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন। ১৬ মাৰ্চলৈ মুঠ ৪ দিন ধৰি অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 

Advertisment

জানিব পৰা মতে অধিবেশনৰ অন্তিম দিনৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। এই অধিবেশনতে তেওঁ বি টি আৰ চু্ক্তিৰ দফাসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা আৰু ষষ্ঠ অনুসূচী অঞ্চলসমূহক অধিক ক্ষমতা দিয়াৰ সন্দৰ্ভত ভাষণ ৰাখিব বুলি আশা কৰা হৈছে।  

ইফালে নতুন দিল্লীত এবছুৰ সভাপতি দ্বীপেন বড়ো, বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োসহ একাংশ নেতৃত্বই বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰে।  এই সাক্ষাতৰ সময়ত  তেওঁলোকে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে। 

এই সন্দৰ্ভত প্ৰমোড বড়োৱে তেওঁৰ এক্স হেণ্ডেলত লিখিছে-  ''আজি নতুন দিল্লীত মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জীক সাক্ষাত কৰাৰ সৌভাগ্য প্ৰাপ্ত হ'ল। আমি ষষ্ঠ অনুসূচী পৰিষদসমূহক প্ৰশাসনিক আৰু বিত্তীয় স্বায়ত্তশাসনৰ সৈতে শক্তিশালী কৰিবলৈ সাংবিধানিক সংশোধনী বিধেয়কখন দ্ৰুতগতিত গৃহীত কৰাৰ বিষয়ে আলোচনা কৰিছিলো। ইয়াৰ উপৰিও, আমি বড়োলেণ্ডত টেৰিটৰিয়েল আৰ্মি হোম আৰু হাৰ্থ বেটেলিয়ন গঠনৰ বিষয়েও চিন্তা-চৰ্চা কৰিছো, যিয়ে যুৱসকলক দেশৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিব আৰু লগতে বিটিআৰত শান্তি আৰু প্ৰগতি অধিক শক্তিশালী কৰিব''।

কোকৰাঝাৰ এবছু প্ৰমোদ বড়ো অমিত শ্বাহ