ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

দেওবাৰে বিয়লি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

author-image
Asomiya Pratidin
New Update
cxcxcxc

ডিজিটেল ডেস্কঃ দেওবাৰে বিয়লি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সাক্ষাতকালত আলোচনা হোৱা বিষয়সমূহৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ভৱন অথবা গৃহমন্ত্ৰী কাৰ্যালয়ে কোনো তথ্য বৰ্তমানলৈ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। 

অৱশ্যে ৰাজনৈতিক বিশ্লেষকৰ মতে, এই বৈঠকত উপৰাষ্ট্ৰপতিৰ উপনিৰ্বাচন, অপাৰেচন সিন্দুৰৰ পিছত ভাৰত-পাক সীমান্তৱৰ্তী জম্মু কাশ্মীৰত চলোৱা অপাৰেচন মহাদেৱৰ লগতে দেশৰ সাম্প্ৰতিক আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি, উন্নয়নমূলক কাম-কাজ আৰু আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি আদি বিষয়ে স্থান লাভ কৰিছে। 

গৃহমন্ত্ৰী অমিত শ্বাহ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু দ্ৰৌপদী মুৰ্মু