/asomiyapratidin/media/media_files/2025/03/20/s3QqniG9BJW2VrIfrjo7.jpg)
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰবাসীৰ বাবে ভাল খবৰ। মহাৰাষ্ট্ৰৰ এটি গ্ৰীণফিল্ড হাই-স্পীড ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। এই ঘাইপথটো নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব ৪,৫০০ কোটি টকা। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই কথা ৰাজহুৱা কৰা হৈছে।
উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা ৪,৫০০ কোটি টকা ব্যয়েৰে মহাৰাষ্ট্ৰৰ জে এন পি এ বন্দৰ (পাগোটে)ক চ’কৰ সৈতে সংযোগ কৰিবলৈ ৬ লেনযুক্ত গ্ৰীণফিল্ড হাইস্পীড ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ দৈৰ্য্য হ’ব ২৯.২১৯ কিলোমিটাৰ।
উক্ত প্ৰকল্প সন্দৰ্ভত প্ৰকাশিত এক বিবৃতিত উল্লেখ কৰা হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেবিনেট বৈঠক অন ইকনমিক এফেয়াৰ্ছে জে এন পি এ বন্দৰৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ চ’ক (২৯.২১৯ কিলোমিটাৰ)লৈকে ৬ লেনযুক্ত গ্ৰীণফিল্ড হাই-স্পীড ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন জনাইছে। ভাৰতৰ ডাঙৰ আৰু সৰু বন্দৰসমূহৰ সৈতে সংযোগী আন্তঃগাঁথনিৰ উন্নয়ন পি এম গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ নীতিৰ অধীনত সংহত আন্তঃগাঁথনি পৰিকল্পনাৰ অন্যতম কেন্দ্ৰবিন্দু ক্ষেত্ৰ বুলিও উল্লেখ কৰে।
তাৰোপৰি এই ঘাইপথটো নিৰ্মাণ হ'লে নবী মুম্বাইকে ধৰি বিভিন্ন সৰু- বৰ বন্দৰ উপকৃত হ'ব। সময় ৰাহি হোৱাৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ'ব এই পথটো।