/asomiyapratidin/media/media_files/2025/01/17/6lkqw52UcgwLG5mR0BpL.jpg)
কিয় ১ফেব্ৰুৱাৰীৰ দিনটোত দাখিল কৰা হয় বাজেট Photograph: (অসমীয়া প্ৰতিদিন)
ডিজিটেল ডেস্কঃ দেশৰ সাধাৰণ বাজেট যোৱা ৭বছৰ ধৰি প্ৰতি বছৰৰ ১ফেব্ৰুৱাৰীত দাখিল কৰা হয়। ২০১৭চনৰ পূৰ্বেই বাজেট দাখিলৰ কোনো নিৰ্দিষ্ট দিন নাছিল যদিও নৰেন্দ্ৰ মোডী চৰকাৰে ২০১৭চনৰ পৰা ১ফেব্ৰুৱাৰীত বাজেট দাখিলৰ এক পৰম্পৰা মানি চলি আহিছে।
২০১৭চনত প্ৰথম অৰুণ জেটলীয়ে ফেব্ৰুৱাৰী মাহত বাজেট দাখিল কৰি সেই পূৰ্বৰ পৰম্পৰা ভংগ কৰিছিল। বাজেট দাখিলৰ বাবে এক ১ফেব্ৰুৱাৰী দিনটো বাচি লোৱা কেইটামান কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণটোৱে হ'ল- ১ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিলে নতুন বিত্তীয় বৰ্ষত সেই বাজেট কাৰ্যকৰী কৰিবলৈ মাজত প্ৰায় দুমাহ সময় পোৱা যায়।
কিয়নো আমাৰ দেশত নতুন বিত্তীয় বৰ্ষ প্ৰতিবছৰৰ ১এপ্ৰিলৰ পৰা আৰম্ভ হৈ ৩১মাৰ্চত অন্ত পৰে। সেয়েহে ১ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিলে মাজৰ এই সময়খিনিত বাজেট প্ৰয়োগৰ বাবে সু পৰিকল্পনা হাতত লব পাৰি।
মোডী চৰকাৰৰ বাজেট দাখিলৰ এই সময় সলনি সিদ্ধান্তক লৈ বিৰ্তকৰো সূত্ৰপাত হৈছিল। উচ্চতম ন্যায়ালয়ত সেই সন্দৰ্ভত এখন আবেদন দাখিল কৰি কোৱা হৈছিল যে, মোডী চৰকাৰে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে বাজেট দাখিলৰ দিন আগুৱাই নিছে।
দেশৰ সৰ্বোচ্ছ ন্য়ায়ালয়ে এই বিষয়টো নাকচ কৰি ইয়াৰ সৈতে ৰাজ্য বা আন আৰ্থিক দিশত কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছিল। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বাজেট দাখিলৰ পৰম্পৰাত আন এক পৰিৱৰ্তন দেখা পোৱা গৈছিল। সেয়া আছিল ১৯৯৯চনৰ কথা।
তেতিয়াৰ বিত্তমন্ত্ৰী জয়শংকৰ সিনহাই পুৱা ১১বজাত সদনত বাজেট দাখিল কৰিছিল। কিন্তু ইয়াৰ আগলৈকে বিট্টিছ পৰম্পৰা ৰক্ষা কৰি আবেলি ৫বজাতহে বাজেট দাখিল কৰিছিল দেশৰ বিত্তমন্ত্ৰীসকলে। ইয়াকে লৈও যথেষ্ট বিৰ্তকৰ সূত্ৰপাত হৈছিল।