Advertisment

ইউনিফৰ্ম চিভিল কোডঃ জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে একে আইন...

Uniform Civil Code অৰ্থাৎ অভিন্ন দেৱানী বিধি। দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত আজি কাৰ্যকৰী হ’ল ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code)। এই আইনখনে কেনেদৰে জনজীৱনত প্ৰভাৱ পেলাব সেই বিষয়ে এতিয়া বহুলোকৰ মনত প্ৰশ্ন আছে।

author-image
Asomiya Pratidin
New Update
ইউনিফৰ্ম চিভিল কোড

ইউনিফৰ্ম চিভিল কোড Photograph: (ইউনিফৰ্ম চিভিল কোড)

ডিজিটেল ডেস্কঃ Uniform Civil Code অৰ্থাৎ অভিন্ন দেৱানী বিধি। দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত আজি কাৰ্যকৰী হ’ল ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code)। এই আইনখনে কেনেদৰে জনজীৱনত প্ৰভাৱ পেলাব সেই বিষয়ে এতিয়া বহুলোকৰ মনত প্ৰশ্ন আছে।  ইউনিফৰ্ম চিভিল কোডত ৰাজ্যখনৰ বাবে  এক আইনী ব্যৱস্থা প্ৰণয়ন কৰিব। ইয়াত বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ বা ভাগ-বতৰা কৰা, সন্তান তুলি লোৱা আদি বিষয়ত সকলো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে একে সমান আইন প্ৰযোজ্য হোৱাৰ কথা কোৱা হৈছে ।

Advertisment

উল্লেখ্য কৰা প্ৰয়োজন যে,  দেশৰ সংবিধানৰ ৪৪ নং অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোড বিষয়ে সবিস্তাৰে উল্লেখ আছে । য’ত কোৱা হৈছে যে সমগ্ৰ ভাৰতৰ ভূখণ্ডৰ নাগৰিকসকলৰ বাবে একেধৰণৰ নাগৰিক সংহিতা নিশ্চিত কৰাৰ বাবে চেষ্টা কৰিব লাগিব।ইউনিফৰ্ম চিভিল কোড ভাৰতৰ সংবিধানৰ নীতিৰ নিৰ্দেশক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ নিৰ্দেশনামূলক নীতিৰ ৪৪ নং অনুচ্ছেদৰ উদ্দেশ্য আছিল বৈষম্যৰ আঁতৰাই সমগ্ৰ দেশতে বৈচিত্ৰতাৰ মাজত সমন্বয় সাধন কৰা।

মন কৰিবলগীয়া যে, ইউনিফৰ্ম চিভিল কোডৰ কাৰ্যকৰী কৰাৰ জৰিয়তে ভাৰতৰ প্ৰতিটো ধৰ্মৰে নিজৰ আইন, যেনে- হিন্দু পাৰ্ছনেল ল’,মুছলিম পাৰ্ছনেল ল’ আদি আইনবোৰ আঁতৰাই দেশৰ সকলো জাতি-ধৰ্ম লোকৰ বাবে এক আইন প্ৰণয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

এই বিষয়টো অধিক সময় ধৰি ৰাজনৈতিক বিতৰ্ক অব্যাহত আছে।  উল্লেখ্য যে,  ২০১৪ চনত কেন্দ্ৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ ৪১ নং পৃষ্ঠাত উল্লেখ কৰিছিল যে ইউনিফৰ্ম চিভিল কোড সৰ্বভাৰতীয় পৰ্যায়ত কাৰ্যকাৰী কৰাৰ কথা। কিন্তু বিভিন্ন প্ৰত্যাহ্বানৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰিব পৰা নাই যদিও শেহতীয়াকৈ উত্তৰাখণ্ড বিজেপি চৰকাৰে যেন এই যাত্ৰাৰ আৰম্ভণি কৰিলে। 

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত লিখিছিল যে- ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৪৪-ত ইউনিফৰ্ম চিভিল কোডক ৰাজ্যৰ নিৰ্দেশাত্মক নীতিসমূহৰ এটা অংশ হিচাপে তালিকাভুক্ত কৰা হৈছে। বিজেপিয়ে বিশ্বাস কৰে যে ভাৰতে ইউনিফৰ্ম চিভিল কোড গ্ৰহণ নকৰালৈকে লিংগ সমতা থাকিব নোৱাৰে, যি সকলো মহিলাৰ অধিকাৰ সুৰক্ষিত কৰে, আৰু বিজেপিয়ে এক অভিন্ন নাগৰিক সংহিতাৰ খচৰা প্ৰস্তুত কৰাৰ স্থিতি পুনৰাবৃত্তি কৰে, সৰ্বশ্ৰেষ্ঠ পৰম্পৰাবোৰ ৰক্ষা কৰে আৰু আধুনিক সময়ৰ সৈতে সেইবোৰৰ সামঞ্জস্য স্থাপন কৰে।

ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে দুৰ্বল শ্ৰেণীক সুৰক্ষা প্ৰদান কৰাৰ লগতে ঐক্যৰ জৰিয়তে জাতীয়তাবাদী চিন্তা-চেতনাক প্ৰসাৰিত কৰা। এই সংহিতা কাৰ্যকৰীয়ে হিন্দু সংহিতা বিধেয়ক, শ্বৰীয়ত আইন আদিৰ দৰে ধৰ্মীয় বিশ্বাসৰ ভিত্তিত বৰ্তমান পৃথকীকৰণ কৰা আইনসমূহ সৰলীকৰণ কৰিব। 

ইউনিফৰ্ম চিভিল কোড