নগাঁৱত উদ্ধাৰ হোৱা মৃতদেহৰ এতিয়ালৈকে হোৱা নাই চিনাক্ত

নগাঁও জিলাৰ বেবেজীয়াৰ বাথাংই গাঁৱত উদ্ধাৰ হোৱা এজন লোকৰ চিকিৎসালয়ত মৃত্যু

author-image
Asomiya Pratidin
New Update
নগাঁৱত উদ্ধাৰ হোৱা মৃতদেহৰ এতিয়ালৈকে হোৱা নাই চিনাক্ত

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাৰ বেবেজীয়াৰ বাথাংই গাঁৱত উদ্ধাৰ হোৱা এজন লোকৰ চিকিৎসালয়ত মৃত্যু ৷ বিগত তিনিদিনে অচিনাক্ত লোকজনক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে ৷

সোমবাৰে সন্ধিয়া বেবেজীয়া আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত  উদ্ধাৰ কৰিছিল এজন লোকক । আৰক্ষী সূত্ৰে জানিব পৰা মতে পথৰ কাষত ৰক্তাক্ত অৱস্থাত ব্যক্তিজনক পৰি থকা দেখা পাই স্থানীয় ৰাইজে বেবেজীয়া আৰক্ষীক খবৰ দিয়ে।

বেবেজীয়া আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত ব্যক্তিজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়। কিন্তু চিকিৎসালয়তে ব্যক্তিজনৰ মৃত্যু হয়।

আৰক্ষীয়ে ব্যক্তিজনৰ পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই। বৰ্তমান নগাঁও চিকিৎসালয়ৰ মৰ্গত আছে ব্যক্তিজনৰ মৃতদেহ।ইপিনে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

nagaon assam Assam police