/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
চৰাইদেউৰ মাইবেলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ
ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ মাইবেলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। শুক্ৰবাৰে চফ্ৰাই নদীত উপঙি থকা অৱস্থাত এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ প্ৰায় ত্ৰিশ বছৰীয়া এজন যুৱকৰ মৃতদেহ উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। ৰঙা ৰঙৰ স্পৰ্টিং আৰু নীলা ৰঙৰ জিন্স পেণ্ট পৰিহিত আৰু ডিঙিত এটা তাবিজ পিন্ধি থকা যুৱকৰ মৃতদেহটো বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ হোৱা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰিছে ৷