অস্বাস্থ্যকৰ মাংস বিক্ৰী! অতিষ্ঠ হৈ পৰিছে জনতা

জনস্বাস্থ্যআৰু জনজীৱনলৈ প্ৰচণ্ড ভাবুকি নমাই আনি অস্বাস্থ্যকৰ পৰিবেশত গাহৰি মাংসৰ মুকলি বেহাই চানিছে লখিমপুৰ জিলাৰ অতিব্যস্ত বগীনদী অঞ্চল।

author-image
Asomiya Pratidin
New Update
অস্বাস্থ্যকৰ মাংস বিক্ৰী! অতিষ্ঠ হৈ পৰিছে জনতা

ডিজিটেল সংবাদ, ঢকুৱাখনা:  জনস্বাস্থ্য আৰু জন জীৱনলৈ প্ৰচণ্ড ভাবুকি নমাই আনি অস্বাস্থ্যকৰ পৰিবেশত গাহৰি মাংসৰ মুকলি বেহাই চানিছে লখিমপুৰ জিলাৰ অতিব্যস্ত বগীনদী অঞ্চল।  লখিমপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ অমনোযোগিতা ,বগীনদী পশু চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ বেপৰোৱা মনোভাৱৰ বাবে গ্ৰাহক ৰাইজে খাদ্যৰ নামত স্বাস্থ্য হানিকৰ মাংসকে ভক্ষণ কৰি আহিবলগীয়া এক স্পৰ্শকাতৰ অভিযোগ উত্থাপিত হৈছে । 

Advertisment

উত্থাপিত অভিযোগ মতে বগীনদী পশু চিকিৎসালয়ৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ বগীনদী মাজ গাঁও তিনিআলিত একাংশ মুষ্টিমেয়  মুনাফালোভী ব্যৱসায়ীয়ে  পশু চিকিৎসা বিভাগৰ নীতি নিৰ্দেশনা অমান্য কৰি ৰোগাক্ৰান্ত , বিভিন্ন কাৰণত মৃত ,খাদ্যৰ অনুপযোগী গাহৰি কাটি মুকলি ভাবে বজাৰত বিক্ৰী কৰি জনস্বাস্থ্যলৈ অশনি সংকেত নমাই আনিছে । পশু স্বাস্থ্য বিভাগৰ কোনোধৰণৰ স্বাস্থ্য পৰীক্ষাৰ  অবিহনে, খাদ্যৰ বাবে উপযোগী হোৱাৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ ৰোগাক্ৰান্ত ,  ৰোগত ভোগী মৃত গাহৰিকে কাটি বজাৰত বিক্ৰীৰে  ভয়াবহ দুষ্কাৰ্য সংঘটিত কৰি আহিছে এই চক্ৰটোৱে ।

যাৰ পৰিণতিত গ্ৰাহক ৰাইজৰ জীৱনলৈ গভীৰ শংকা নামি আহিছে। বৃহস্পতি বাৰে  এনে এক ব্যৱসায়ীৰ পৰা অস্বাস্থ্যকৰ  পৰিবেশৰ খাদ্যৰ অনুপযোগী গাহৰি মাংস ক্ৰয় কৰি ৰান্ধি পৰৱৰ্তী সময়ত একাংশ বিতুষ্ট গ্ৰাহকে বগীনদী পশু চিকিৎসালয়লৈ আনি পশু চিকিৎসা বিষয়াক সকলো চমজাই দি এনে জনস্বাস্থ্য বিৰোধী মুক্ত দুষ্কাৰ্যৰ নমুনা প্রদর্শন কৰে ।

ভুক্তভোগী সচেতন গ্ৰাহক সকলে  পশু চিকিৎসকক এখন অভিযোগ পত্ৰও প্ৰদান কৰি জন জীৱনলৈ প্ৰচণ্ড ভাবুকি মাতি এক অসৎ অৰ্থলোভী চক্ৰই মুকলিকৈ চলাই অহা এনে অবৈধ বেহাৰ বিৰুদ্ধে বিভাগে জৰুৰী , কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰে। উল্লেখ্য যে এনে জটিল ৰাজহুৱা অভিযোগ সন্দৰ্ভত প্ৰায়ে উত্থাপিত হৈ আহে যদিও কদম ৰাজহ চক্ৰ বিষয়া , বগীনদী পশু চিকিৎসালয় , লখিমপুৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ইয়াৰ প্ৰতি যথোচিত গুৰুত্ব নিদিয়াৰ বাবে খাদ্য বিষক্ৰিয়াজনিত ভয়ংকৰ  ঘটনা সংঘটিত হোৱাৰো আশংকা নুই কৰিব নোৱাৰি ।

assam lakhimpur