Advertisment

ৰঙিয়াত বনভোজেই কাল হ'ল ধৰ্মেন্দ্ৰ নাথ নামৰ এজন যুৱকৰ..

ইমানতে ক্ষান্ত নাথাকি ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ নামৰ ২১বছৰীয়া যুৱকজনক পুখুৰীত দলিয়াই দিয়াৰো অভিযোগ উত্থাপন কৰে যুৱকজনৰ আত্মীয়ই । লগতে উক্ত ঘটনাত যুৱক কেইজনৰ আক্ৰমণত আন এজন যুৱকো গুৰুতৰভাৱে আহত হয়।‌

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াত এগৰাকী যুৱকৰ সন্ধানহীন হোৱাৰ ঘটনাই এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ দক্ষিণ বৰদলৰ যুৱক ধৰ্মেন্দ্ৰ নাথে খৈৰাবাৰী পথাৰৰ মাজমজিয়াত মালধা আশ্ৰমৰ কাষত বনভোজ খাবলৈ গৈছিল । বনভোজস্থলীত দুই দলৰ মাজত কাজিয়া হৈছিল। তেনেতে এটা সাধাৰণ কথাৰ বাবেই বিজেপিৰ নেতাসহ ১২ গৰাকী সহযোগীয়ে ধৰ্মেন্দ্ৰ নাথক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Advertisment

ইমানতে ক্ষান্ত নাথাকি ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ নামৰ ২১বছৰীয়া যুৱকজনক পুখুৰীত দলিয়াই দিয়াৰো অভিযোগ উত্থাপন কৰে যুৱকজনৰ আত্মীয়ই । লগতে উক্ত ঘটনাত যুৱক কেইজনৰ আক্ৰমণত আন এজন যুৱকো গুৰুতৰভাৱে আহত হয়।‌

ইফালে বুধবাৰৰ পৰা যুৱক ধৰ্মেন্দ্ৰ নাথৰ সন্ধান নোপোৱাত সম্প্ৰতি বৰদল গাঁৱৰ অগণন ৰাইজে থানা ঘেৰাও কৰি ৰাখে। সম্প্ৰতি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় বৰ্মনৰ নেতৃত্বত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখি অপৰাধীক বিচাৰিছে অভিযান আৰম্ভ কৰিছে ।

আনহাতে উক্ত ঘটনাৰ যুৱকৰ পৰিয়ালসহ গাঁৱৰ ৰাইজে কাইলৈ সমজিলা ৰঙিয়াৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি ব্যক্ত কৰে। সমগ্ৰ ঘটনা লৈ বৰদল গাঁৱত উপস্থিত হৈ বিধায়ক ভৱেশ কলিতাই সঠিক তদন্ত কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। 

ৰঙিয়া