/asomiyapratidin/media/media_files/2025/04/05/PFY1554azqvuZiyajnqO.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে শুক্ৰবাৰে সুকীয়া সুকীয়াকৈ দিয়া তিনিটাকৈ শিশু নিৰ্যাতন (প'চকো) গোচৰৰ ৰায়দানত তিনিজন লোকক সশ্ৰম কাৰাদণ্ড দিয়া লগতে নগদ ধনেৰে জৰিমনা বিহে ৷ আদালতৰ ৰায়দানৰ নিৰ্দেশ অনুযায়ী ২০২৪ চনৰ ১৩ জুলাইত ধেমাজি আৰক্ষী থানাৰ অধীনত ৰামেশ্বৰ দলে নামৰ লোকজনে এটি ১০ বছৰীয়া শিশুক নিৰ্যাতন চলাইছিল৷
উল্লেখ্য যে সেই সময়ৰ তদন্তকাৰী আৰক্ষী বিষয়া গীতাঞ্জলি বৰবৰুৱাই ১২৩/২০২৪ নম্বৰত ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰোজুৰ কৰি তদন্ত চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰিছিল ৷ বিগত ৯ মাহে জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হোৱা বিচাৰৰ অন্তত আদালতে শুকুৰবাৰে অপৰাধী ৰামেশ্বৰ দলেক প'ছকো ৬ নম্বৰ ধাৰাত দোষী সাৱ্যস্ত কৰি ৩০ বছৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে নগদ ৩০ হেজাৰ টকা জৰিমনা বিহে ৷
একেদৰে চিলাপথাৰ আৰক্ষী থানাৰ অধীনত ২০২০ চনৰ ১ জুনত ১১ বছৰীয়া এটি শিশুক শাকনিবাৰীত অকলে থকাৰ সুযোগ লৈ লম্পট পৰিতোষ মণ্ডল নামৰ লোকজনে নিৰ্যাতন চলাইছিল ৷ পিছত পৰিয়ালে চিলাপথাৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত ২৩৪/২০২০ নম্বৰ গোচৰত তদন্ত চলাই কৰি তদন্তকাৰী আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াই অপৰাধীক গ্ৰেপ্তাৰ জেল হাজোলৈ প্ৰেৰণ কৰিছিল ৷ বিগত ৪ বছৰ ১০ মাহে আদালতত চলা গোচৰৰ অন্তত উক্ত দিনাই অপৰাধীক আদালতে প'ছকো ৮ নম্বৰ ধাৰাৰ অধীনত দোষী সাৱ্যস্ত কৰি ৫ বছৰ সশ্ৰম কাৰাদণ্ড আৰু নগদ ১০ হেজাৰ টকা জৰিমনা বিহে ৷
আনহাতে শেষৰটো ঘটনা সংঘটিত হৈছিল ২০২৪ চনৰ ১২ জানুৱাৰীত ৷ ললিত বৰা নামৰ লোকজনে ১১ বছৰীয়া এটি শিশুক নিৰ্যাতন চলাইছিল ৷ পিছত ধেমাজি সদৰ আৰক্ষী থানাত ৯/ ২০২৪ নম্বৰত ৰুজুৰ হোৱা গোচৰত তদন্তকাৰী আৰক্ষী বিষয়া ৰুমী খাকলাৰীয়ে তদন্ত দ্ৰুতগতিত চলাই অপৰাধী ললিত বৰাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷
বিগত ২ বছৰে আদালতত চলা গোচৰৰ অন্তত আদালতে প'ছকো ১০ নম্বৰ ধাৰাত দোষী সাৱ্যস্ত কৰি অপৰাধীক ৬ বছৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে নগদ ১০ হেজাৰ টকাৰ জৰিমনা নিৰ্দেশ দিয়ে আদালতে ৷