/asomiyapratidin/media/media_files/2025/03/27/qgfzVZamau7SJPLGHCmj.png)
ডিজিটেল ডেস্ক : বিশ্বৰ সকলো ক্ষেত্ৰতে ফেৰ মাৰিব পৰাকৈ সাজু হৈছে ভাৰত। বিভিন্ন খণ্ডৰ দৰে ইলেক্ট্ৰনিকছ খণ্ডতো ভাৰতে বিশ্বৰ বজাৰত আধিপত্য বিস্তাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ মেক ইন ইণ্ডিয়া আৰু পি এল আই আঁচনিৰ দ্বাৰা ইলেক্টনিকছ সামগ্ৰী উৎপাদনত অধিক মনোনিৱেশ কৰিছে ভাৰতে।
এই লক্ষ্য আগত ৰাখি ভাৰতে ২০২৬ চনৰ ভিতৰত ৩০০ বিলিয়ন ডলাৰৰ ইলেক্ট্ৰনিকছ সামগ্ৰী উৎপাদন কৰিব বুলি কেন্দ্ৰীয় চৰকাৰৰ আই টি মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰে। ইতিমধ্য ইয়াৰ বাবে কেতবোৰ পৰিকাঠামো প্ৰস্তুত কৰা হৈছে। তাৰোপৰি শক্তিশালী নীতিয়ো নিৰ্ধাৰণ কৰা বুলি বিবৃতিত প্ৰকাশ কৰে।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, ২০১৪-১৫ চনত ভাৰতত বিক্ৰী হোৱা মোবাইল ফোনসমূহৰ ২৬ শতাংশ স্থানীয়ভাৱে নিৰ্মিত আছিল। যিটো ২০২৪ চনৰ ডিচেম্বৰলৈকে ৯৯.২ শতাংশলৈ বৃদ্ধি পাইছিল।
একেদৰে ২০১৪ চনত ভাৰতত মাত্ৰ দুটা মোবাইল উৎপাদন ইউনিট আছিল। কিন্তু আজি ইয়াৰ ৩০০ৰো অধিক ইউনিট হৈছে।
তাৰোপৰি ২০১৪-১৫ চনত মোবাইল ফোন ৰপ্তানি ১,৫৬৬ কোটি টকাৰ পৰা ২০২৩-২৪ চনত ১.২ লাখ কোটি টকালৈ বৃদ্ধি পাই ৭৭গুণ বৃদ্ধি পাইছে বুলি আই টি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।