বাক্সাৰ বৰবৰীত এবছুৰ উদ্যোগত ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বৰবৰীত আজিৰে পৰা আৰম্ভ হৈছে ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈছে ১২ টা দলে।

author-image
Asomiya Pratidin
New Update
বাক্সাৰ বৰবৰীত এবছুৰ উদ্যোগত ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বৰবৰীত আজিৰে পৰা আৰম্ভ হৈছে ১৩ বছৰ অনৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা। বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতাত মুঠ ১২টা দলে অংশগ্ৰহণ কৰে।

আজি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলা স্পোৰ্টছ এছোচিয়েছনৰ সম্পাদক পংকজ বড়ো। তেওঁ খেলখন উদ্বোধন কৰি খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। 

ইফালে বাক্সা জিলা এবছুৰ সভাপতি নন্দেশ্বৰ বড়োৱে আজি বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰবৰীত আৰু শালবাৰী মহকুমাৰ শিলবাৰীত সমসাময়িকভাৱে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিয়ে। লগতে বাক্সাৰ খেলুৱৈসকল যাতে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা লাভ কৰে তাৰো আশা ব্যক্ত কৰে।

ফুটবল প্ৰতিযোগিতা বাক্সা