/asomiyapratidin/media/media_files/2025/04/18/br21Qp8xYoyKbXooQg0N.jpg)
বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ
ডিজিটেল ডেস্ক: এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বুজন সংখ্যক প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বৃহস্পতিবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোৰ পাছতে প্ৰকাশ পাইছে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ তালিকা। শাসকীয় দল বিজেপিৰ সৰ্বাধিক প্ৰাৰ্থীয়ে জয় লাভ কৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে।
পঞ্চায়ত নিৰ্বাচনৰ ৩৭ খন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে ৩৫খন, অগপই ২খন জিলা পৰিষদ দখল কৰিছে। ইফালে আঞ্চলিক পঞ্চায়তৰ ৩১১ খন আসনতো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াৰে বিজেপিয়ে ২৫৯ খন, অগপই ২৯ খন, নিৰ্দলীয়ই ১৩ খন আসন দখল কৰিছে। ইফালে কংগ্ৰেছ দলে বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিলে মাত্ৰ ৯ খন আসন। আনহাতে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই দখল কৰিলে ১ খন আসন।
উল্লেখযোগ্য যে, বিভিন্ন প্ৰান্তত বিৰোধী প্ৰাৰ্থীক ভয়-ভাবুকি, প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছিল শাসকীয় দল বিজেপিৰ বিৰুদ্ধে। আনহাতে, নিৰ্বাচনৰ প্ৰাক্ক্ষণত কেইবাগৰাকীও কংগ্ৰেছী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিছিল বিজেপি দলত। বিনা প্ৰতিদ্বন্দ্বিতাৰে সৰহ সংখ্যক প্ৰাৰ্থী বিজয়ী হোৱাত আত্মবিশ্বাসী হৈ পৰিছে বিজেপি মিত্ৰজোঁট।