লাওখোৱা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্য্যালয়ত অঘোষিত বন্ধ...

বিশ্বকৰ্মা পূজা উপলক্ষে অঘোষিত বন্ধ পালন...
laokhua
laokhua

ডিজিটেল সংবাদ ৰূপহীহাটঃ চৰকাৰে বিশ্ব কৰ্মা পূজাৰ কোনো বন্ধ ঘোষণা শনিবাৰে কৰা নাই যদিও লাওখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত এক অঘোষিত বন্ধ পালন কৰা পৰিলক্ষিত হ'ল ৷ সমাজ কল্যণ বিভাগৰ উক্ত প্ৰকল্প কাৰ্যালয়ত শনিবাৰে দুপৰীয়া প্ৰায় ১ বজালৈকে একমাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মী দুজনৰ বাহিৰে কোনো কৰ্মচাৰী উপস্থিত থকা দেখা পোৱা নগ'ল ৷

উল্লেখ্য যে, প্ৰকল্প কাৰ্যালয়খনত ব্যাপক দুৰ্নীতি, অনিয়ম আৰু নিযুক্তি কেলেংকাৰী আদি একাধিক অভিযোগ উত্থাপন হৈছে ৷ এনে অনিয়ম সন্দৰ্ভত এক ক্ষেত্ৰভিত্তিক তদন্তৰ বাবে সাংবাদিকৰ এটা দল কাৰ্যালয়খনত উপস্থিত হোৱাত প্ৰকল্প বিষয়াগৰাকী অনুপস্থিত থকা পৰিলক্ষিত হয় ৷

কাৰ্যালয়খনৰ এনে বন্ধ সদৃশ প্ৰত্যক্ষ কৰি সাংবাদিক কাৰ্যালয়ৰ পৰা প্ৰকল্প বিষয়াগৰাকীৰ যোগাযোগ নম্বৰ লৈ ফোন কৰাত অফিচিয়েল কামৰ বাবে গুৱাহাটীলৈ যোৱা বুলি প্ৰকাশ কৰে ৷ কিন্তু আন এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰকল্প বিষয়া মঞ্জু দাস জাগিৰোডস্থিত নিজৰ বাসগৃহলৈ যোৱা বুলি সদৰী কৰে ৷

সূত্ৰটোৱে জনোৱা কথা যদি সত্য হয় তেন্তে বিষয়াগৰাকীয়ে সাংবাদিকৰ সৈতে কিয় মিছা মাতিলে সেয়া এক ৰহস্যৰ বিষয় ৷ নে সহজ সৰল ৰাইজক অন্ধকাৰত ৰাখি এইদৰে চৰকাৰী বন্ধ নথকাৰ পিছতো বিশ্বকৰ্মা পূজাৰ অজুহাতত ইচ্ছাকৃতভাৱে ছুটি পালন কৰিলে প্ৰকল্প বিষয়া মঞ্জু দাসে ৷ তাকে লৈ কাৰ্যালয়স্থিত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in