/asomiyapratidin/media/media_files/2025/05/06/cfU02w1YkYfFsVQEFdi0.jpg)
ডিজিটেল ডেস্ক : সম্প্ৰতি ভাৰত- পাকিস্তানৰ সম্পৰ্ক পূৰ্বতকৈ আৰু অধিক তিক্ত হৈ পৰিছে। পেহেলগামৰ ঘটনাৰ পাছৰে পৰা সৰ্বত্ৰে নিন্দিত হৈছে পাকিস্তান। পাকিস্তানৰ এনে কাৰ্যকলাপৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও কঠোৰ পদক্ষেপ।
বিশ্বৰ ভিন্ন মহলত এতিয়া ভাৰত- পাকিস্তানৰ সম্পৰ্কক লৈ বিবিধ আলোচনা তথা চৰ্চা চলি আছে। এনে আলোচনা- চৰ্চাৰ মাজতে উভয় দেশৰ সম্পৰ্ক সন্দৰ্ভত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখনি ৰুদ্ধ দ্বাৰ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত ভাগ লয় নিৰাপত্তা পৰিষদৰ বিষয়বীয়াসকলৰ উপৰি ৰাষ্ট্ৰসংঘৰ ভাৰতৰৰ প্ৰাক্তন স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে। বৈঠকত কেইবা লানি আলোচনা হয় যদিও উভয় দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট প্ৰস্তাৱ অথবা স্পষ্ট বক্তব্য প্ৰকাশ নকৰা বুলি জানিবলৈ দিয়ে প্ৰতিনিধি আকবৰুদ্দিনে।
বৈঠকৰ অন্তত তেওঁ কয়- বৈঠকত আশা কৰা মতে পৰিষদৰ পৰা কোনো অৰ্থপূৰ্ণ সঁহাৰি পোৱা নগ'ল। ভাৰতীয় কূটনীতিয়ে পুনৰবাৰ নিৰাপত্তা পৰিষদৰ হস্তক্ষেপ বিচাৰি পাকিস্তানৰ প্ৰচেষ্টাক সফলতাৰে বিফল কৰি তুলিছে।
একেদৰে ৰাষ্ট্ৰসংঘত গ্ৰীচৰ স্থায়ী প্ৰতিনিধি তথা বৰ্তমানৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ ইভানজেলছ চেকেৰিছে এই বৈঠকক “উৎপাদনশীল আৰু সহায়ক” বুলি অভিহিত কৰে যদিও তেওঁ স্বীকাৰ কৰে যে কোনো নিৰ্দিষ্ট ফলাফল লাভ কৰা হোৱা নাই। পৰিষদৰ সতৰ্ক স্থিতিৰ সংকেত দি তেওঁ কয়, ‘নিৰাপত্তা পৰিষদে এনে প্ৰচেষ্টাত সদায় সহায় কৰে। এয়া পৰিষদৰ দায়িত্ব।