/asomiyapratidin/media/media_files/2025/02/12/1WEP61uE1Nm636A66Twr.jpg)
প্ৰতিবেদন ৰাজহুৱা কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱধিকাৰ আয়োগে
ডিজিটেল ডেস্কঃ যোৱা ২০২৪বৰ্ষৰ জুলাই-আগষ্ট মাহত বাংলাদেশ অশান্ত কৰি ৰখা ছাত্ৰ বিক্ষোভত প্ৰাণ হৈছিল ১৪০০নিৰীহ লোকৰ। শেহতীয়াকৈ এই প্ৰতিবেদন ৰাজহুৱা কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱধিকাৰ আয়োগে। বিক্ষোভৰ সময়ত শ্বেইখ হাছিনা চৰকাৰে লোৱা দমনমূলক কিছু নীতিৰ বাবেই এই ১৪০০লোকৰ প্ৰাণ যোৱা কথা উল্লেখ কৰা হৈছে ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদনত।
ৰাষ্ট্ৰ সংঘৰ এই প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে, কেনেকৈ চৰতাৰে আবামী লীগ পাৰ্টি আৰু সুৰক্ষা কৰ্মীসকলৰ হতুৱাই প্ৰদৰ্শনকাৰী আৰু অন্যান্য নাগৰিকৰ ওপৰত আক্ৰমণ কৰিছিল। ৰাষ্ট্ৰ সংঘই লগতে শ্বেইখ হাছিনাৰ বিৰুদ্ধে এই ১৪০০লোকৰ মৃত্যুক লৈ এক কঠোৰ তদন্ত হব লাগে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি, বৰ্তমানৰ বাংলাদেশ চৰকাৰৰ প্ৰধান মহম্মদ ইউনুছে ৰাষ্ট্ৰ সংঘৰ মানৱধিকাৰ আয়োগৰ এটা দলক বাংলাদেশলৈ নিমন্ত্ৰণ কৰি আনি এই সন্দৰ্ভত সমীক্ষা চলাবলৈ কৈছিল। ইউনুছৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰাষ্ট্ৰ সংঘৰ এটা প্ৰতিনিধি দলে ২৩০টাৰো অধিক সাক্ষাতকাৰ আৰু ডকুমেন্ট পৰীক্ষা কৰি এই সিদ্ধান্ত উপনীত হয় যে, বাংলাদেশৰ হিংসাৰ আঁৰত হাত আছিল শ্বেইখ হাছিনাৰ।
নিৰীহ লোকৰ ওপৰত আক্ৰমণৰ বাবে শ্বেইখ হাছিনা চৰকাৰে গ্ৰীণ ছিগনেল প্ৰদান কৰিছিল বুলি এই প্ৰতিবেদনত উল্লেখ আছে। প্ৰতিবেদনত উল্লেখিত অনুসৰি, এই ১৪০০ মৃত লোকৰ ভিতৰত ১২-১৩শতাংশ আছিল শিশু আৰু কিশোৰ।