Advertisment

উমৰাংছুৰ ঘটনা : অবৈধ মুক্তখনন কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে

কয়লাৰ দৰে মূল্যৱান প্রাকৃতিক সম্পদৰ উপযুক্ত জৰীপ আৰু খনন প্রক্ৰিয়াত চৰকাৰৰ বিধিগত ব্যৱস্থা থকাৰ পাছতো কেনেকৈ নীতি বর্হিভূতভাৱে মুক্ত খনন আৰু কয়লাৰ অবাধ পৰিবহণ হৈ আছে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। 

author-image
Asomiya Pratidin
New Update
উমৰাংছুৰ ঘটনা : অবৈধ মুক্তখনন কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে

উমৰাংছুৰ ঘটনা : অবৈধ মুক্তখনন কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে

ডিজিটেল ডেস্ক : অসম তথা উত্তৰ পূর্বাঞ্চলত অতি মূল্যৱান খনিজ সম্পদ কয়লাৰ নীতি বর্হিভূতভাৱে মুক্তখননৰ সম্পর্কত বিগত সময়ত উল্লেখিত অভিযোগৰ উপযুক্ত তদন্ত নকৰা আৰু অতি সাম্প্রতিক ডিমা হাছাও জিলাৰ উমৰাংছুৰ কয়লাখনিত হোৱা ভয়াৱহ দুৰ্ঘটনাৰ বাবে তীব্ৰ প্রতিক্রিয়া প্রকাশ কৰিছে, ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্রেছ (আই এন টি ইউ চি) অসম শাখাই। 

Advertisment

এটা প্ৰেছ বিজ্ঞপ্তিত আই এন টি ইউ টি অসম শাখাৰ সভাপতি তথা প্রাক্তন বিধায়ক হিৰণ্য বৰা আৰু সম্পাদক পূর্ণকান্ত বুঢ়গোহাঁয়ে উল্লেখ কৰে যে কয়লাৰ দৰে অতি মূল্যৱান খনিজ সম্পদৰ নীতি বর্হিভূত অবৈধ মুক্তখনন কোনো কাৰণতে গ্রহণযোগ্য হ'ব নোৱাৰে। এনে ব্যৱস্থাৰ ফলত জৈৱ-বৈচিত্র্যত বিৰূপ প্রভাৱ পৰিছে আৰু অসম তথা উত্তৰ-পূর্বাঞ্চলৰ প্রাকৃতিক সম্পদত চহকী ৰাজ্যসমূহে দীর্ঘদিন হাজাৰ হাজাৰ কোটি টকাৰ ৰাজহৰ পৰা বঞ্চিত হৈছে। 

উমৰাংছুৰ ঘটনা : অবৈধ মুক্তখনন কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে
উমৰাংছুৰ ঘটনা : অবৈধ মুক্তখনন কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে

 

অসম তথা ভাৰত চককাৰে ভূ-গর্ভত সঞ্চিত থকা কয়লাৰ দৰে অতি মূল্যৱান প্রাকৃতিক সম্পদৰ উপযুক্ত জৰীপ আৰু ইয়াৰ যোগেদি হ'ব পৰা ব্যাপক উদ্যোগীকৰণৰ সময় উপযোগী কার্য্যপৰিকল্পনা গ্ৰহণ কৰিব লাগে। শ্রমিক নেতাদ্বয়ে উল্লেখ কৰে যে কয়লাৰ দৰে মূল্যৱান প্রাকৃতিক সম্পদৰ উপযুক্ত জৰীপ আৰু খনন প্রক্ৰিয়াত চৰকাৰৰ বিধিগত ব্যৱস্থা থকাৰ পাছতো কেনেকৈ নীতি বর্হিভূতভাৱে মুক্ত খনন আৰু কয়লাৰ অবাধ পৰিবহণ হৈ আছে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। 

শ্ৰমিক নেতাদ্বয়ে অতি আক্ষেপেৰে উল্লেখ কৰে যে বিভাগীয় কর্তৃপক্ষৰ সময়োচিত কার্য্যব্যৱস্থা নোহোৱা বাবে নীতিবহিৰ্ভূত কয়লাৰ মুক্ত খননৰ ফলত, সাম্প্রতিক জৈৱ-বৈচিত্র্যৰ বিৰূপ প্রভাৱ আৰু ডিমা-হামাও জিলাৰ উমৰাংছুৰ দৰে অনাকাংঙিত দুৰ্ঘটনা হ’বলৈ পালে। লগতে দুয়োগৰাকীয়ে নেতাই উল্লেখ কৰে যে এই দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে সম্পন্ন কৰি এনে দুৰ্ঘটনা প্ৰতিৰোধৰ উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

উমৰাংছু