Advertisment

চৰকাৰী তথ্যঃ উমৰাংছুৰ অভিশপ্ত সুৰংগত এতিয়াও আৱদ্ধ কোন কোন শ্ৰমিক...

উমৰাংছুৰ কয়লাখনিৰৰ সুৰংগত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। চৰকাৰী তথ্যত মুঠ ৯গৰাকী শ্ৰমিক সুৰংগত আৱদ্ধ হৈ আছিল বুলি প্ৰকাশ পালেও স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে,

author-image
Asomiya Pratidin
New Update
উমৰাংছু

উমৰাংছু Photograph: (উমৰাংছু)

ডিজিটেল ডেস্কঃ উমৰাংছুৰ কয়লাখনিৰৰ সুৰংগত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। চৰকাৰী তথ্যত মুঠ ৯গৰাকী শ্ৰমিক সুৰংগত আৱদ্ধ হৈ আছিল বুলি প্ৰকাশ পালেও স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে, সেই অঘটনৰ সময়ত সুৰংগত কৰ্মৰত অৱস্থাত আছিল আৰু বহুকেইগৰাকী শ্ৰমিক। অৱশ্যে চৰকাৰী পক্ষই এই তথ্য মানি নল'লেও শেহতীয়াকৈ কোন ৯গৰাকী শ্ৰমিক সুৰংগত আৱদ্ধ হৈ আছিল তাৰ তথ্য আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিছে।

Advertisment

চৰকাৰী তথ্য মতে, সুৰংগত ৯গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছিল যদিও ইয়াৰে ৪গৰাকী শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে। সুৰংগত প্ৰায় ২০০ফুট উচ্চতালৈকে ওফন্দি উঠা পানীত বাকী ৫গৰাকী শ্ৰমিকৰ সন্ধানত উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান। অ এন জি চিৰ ৪টা পাম্পৰে পানী নিষ্কাষণ কৰি সুৰংগৰ গভীৰলৈ যোৱাৰ চেষ্টা চলাইছে উদ্ধাৰকাৰী দলে।

বৰ্তমানলৈকে মৃতদেহ উদ্ধাৰ হৈছে-  গংগা বাহাদুৰ শ্ৰেষ্ঠ (৩৮ বছৰ)- উদয়পুৰ, নেপাল, হুছেইন আলী (৩০ বছৰ) - দলগাঁও, জাকিৰ হুছেইন (৩৮ বছৰ) -দলগাঁও আৰু মুস্তাফা শ্বেখ (৪৪ বছৰ) - দলগাঁও। 

আনহাতে বৰ্তমানেও সুৰংগত আৱদ্ধ হৈ আছে-  সৰ্প বৰ্মন (৪৬ বছৰ)- গোসাইগাঁও, খুশি মোহন ৰায় (৫৭ বছৰ) - ফকিৰাগ্ৰাম, সঞ্জিত সৰকাৰ (৩৫ বছৰ) - জলপাইগুৰি, পশ্চিম বংগ, লিজান মগৰ (২৬ বছৰ) - উমৰাংছ', ডিমা হাছাও, শৰৎ গয়াৰী (৩৭ বছৰ) -বাতাসীপুৰ, শোণিতপুৰ।

উল্লেখ্য় যে, উমৰাংছ’ আৰক্ষী থানাৰ পৰা প্ৰায় ২৫কিলোমিটাৰ নিলগৰ অসম-মেঘালয় সীমান্তত অৱস্থিত এই কয়লাখনিটো ৷ প্ৰায় ৩০০ ফুট গভীৰ এই কয়লাখনিটোৰ ইতিমধ্যে প্ৰায় ২০০ ফুটলৈ পানী সোমাইছে ।

 

উমৰাংছু