Advertisment

কয়লাখনিত আৱদ্ধ শ্ৰমিক সকলৰ পৰিচয়...

উমৰাংছুৰ কয়লাখনিত আৱদ্ধ তিনি শ্ৰমিকৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ হৈছে। এতিয়াও কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ আছে কয়লাখনিৰ সুৰংগত। ইফালে সুৰংগৰ ভিতৰত জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
উমৰাংছুৰ কয়লাখনি

উমৰাংছুৰ Photograph: (উমৰাংছুৰ )

ডিজিটেল ডেস্কঃ উমৰাংছুৰ কয়লাখনিত আৱদ্ধ তিনি শ্ৰমিকৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ হৈছে। এতিয়াও কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ আছে কয়লাখনিৰ সুৰংগত। ইফালে সুৰংগৰ ভিতৰত জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।

উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিক কেইজনৰ ভিতৰত ৩জন দৰঙৰ। এজন নেপালৰ। ২ জন কোকৰাঝাৰৰ। এজন পশ্চিম বংগৰ। এজন শোণিতপুৰৰ আৰু আনজন ডিমা হাচাওৰ।

দৰঙৰ শ্ৰমিক তিনিজন ক্ৰমে জাকিৰ হুছেইন, হুছেইন আলী আৰু মুস্তাফা শ্বেইখ। নেপালৰ শ্ৰমিকজনৰ নাম গংগা বাহাদুৰ শেথ। কোকৰাঝাৰৰ শ্ৰমিক দুজন হল- ছাৰফা বৰ্মন, খুশী মোহন ৰায়। আৱদ্ধ হৈ থকা পশ্চিম বংগৰ শ্ৰমিকজনৰ নাম সঞ্জীৱ সৰকাৰ। শোণিতপুৰৰ শ্ৰমিকজনৰ শৰৎ গয়াৰী। আৰু ডিমা হাচাওৰ শ্ৰমিক জনৰ নাম লিজন মাগাৰ। 

উমৰাংছু